হাইভল্টেজ : মুহূর্ততে শেষ ভাৰত–পাকিস্তানৰ মেচৰ টিকট
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ মাত্র কেইমিনিটমানৰ ভিতৰতে শেষ হ’ল আইচিচি চেম্পিয়নছ ট্রফীৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভ’ল্টেজ মেচখনৰ সকলো টিকট৷ সোমবাৰে মেচখনৰ টিকট অনলাইনত মুকলি কৰি দিয়া হয় যদিও মাত্র কেইটামান মিনিটৰ ভিতৰতে বহু প্রতীক্ষিত মেচখনৰ সকলো টিকট শেষ হয়৷ মন কৰিবলগীয়া যে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ভাৰত–পাকিস্তানৰ মেচখনেই হ’ল প্রথম মেচ, যিখনৰ সকলো টিকট ইতিমধ্যে বিক্রী হয়৷ ২৩ ফেব্রুৱাৰীত ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাইভ’ল্টেজ মেচখনৰ টিকট ক্রয়ৰ বাবে সহস্রাধিক অনুৰাগীয়ে শাৰী পাতিছিল যদিও হতাশ মনেৰে উভতি যাবলগীয়া হয়৷ চেম্পিয়নছ ট্রফীৰ সূচী ঘোষণা কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মেচখনৰ টিকটৰ দাম আকাশলংঘী হ’ব বুলি ধাৰণা কৰা হৈছিল৷ মেচখনৰ জেনেৰেল কেটেগ’ৰীৰ টিকটৰ মূল্য আছিল ভাৰতীয় মুদ্রাত ২,৯৬৪ টকা৷ ইপিনে, প্লেটিনাম লাউঞ্জৰ মূল্য ভাৰতীয় মুদ্রাত ৪৯ হাজাৰ টকা, গ্রেণ্ড লাউঞ্জৰ মূল্য ভাৰতীয় মুদ্রাত প্রায় ১ লাখ ১৮ হাজাৰ টকা৷ ডুবাই ষ্টেডিয়ামত ২৫ হাজাৰ দর্শকে খেল উপভোগ কৰাৰ সুবিধা আছে৷ কিন্তু হাইভ’ল্টেজ মেচখন উপভোগ কৰাৰ বাবে কমেও ১ লাখ ৫০ হাজাৰ ক্রিকেট অনুৰাগীয়ে ৱেবছাইটত ভিৰ কৰিছিল টিকট ক্রয়ৰ বাবে৷ ডুবাইৰ টিকট বিক্রী কেন্দ্রতো ভাৰত–পাকৰ মেচখনৰ টিকট ক্রয়ৰ বাবে সহস্রাধিক অনুৰাগীয়ে শাৰী পাতিছিল যদিও মেচখনৰ টিকট কম সময়ৰ ভিতৰতে বিক্রী হৈ যোৱাত নিৰাশ মনেৰে ঘৰমুৱা হয় অনুৰাগীসকল৷