ইংলেণ্ডৰ বিপক্ষে ৰোহিত বাহিনীৰ আজি প্রথম এদিনীয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ এদিনীয়া বিশ্বকাপৰ পিছত ঘৰৰ মাটিত প্রথমখন এদিনীয়া মেচৰ শৃংখলাত নামিব টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি নাগপুৰত অনুষ্ঠিত হ’ব৷ চেম্পিয়নছ ট্রফীৰ পূর্বে আজিৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটো টীম ইণ্ডিয়াৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনলৈ সাজু হোৱাৰ বাবে ভাৰতৰ বাবে এইখনেই হৈছে অন্তিমখন এদিনীয়া মেচৰ শৃংখলা৷ ঘৰুৱা দলটোৱে পূর্ণশক্তিৰে এদিনীয়া শৃংখলাটোত ভাগ ল’ব যদিও তাৰকা বেটাৰ ৰোহিত শর্মা, বিৰাট কোহলি আৰু লোকেশ ৰাহুলৰ দুর্বল ফর্মে দলটোক কিছু পৰিমাণে চিন্তাত ৰাখিছে৷ চেম্পিয়নছ ট্রফীলৈ সাজু হোৱাৰ বাবে অধিনায়ক ৰোহিত শর্মাৰ লগতে কোহলি আৰু ৰাহুলে এক সুবর্ণ সুযোগ লাভ কৰিছে৷ শেহতীয়াকৈ এই তিনিওগৰাকী বেটাৰে নিজৰ চন্দ অনুসাৰে খেলাৰ সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ ইপিনে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভৰ বাবে ৰাহুল আৰু ঋষভ পণ্টৰ মাজত যুঁজ চলাৰ সম্ভাৱনা আছে৷ আনহাতে আঘাতৰ পৰা উপশম লাভ নকৰাৰ বাবে শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হ’ল তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ৷ উল্লেখ্য যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ আহমেদাবাদত অনুষ্ঠিত ফাইনেল মেচখনৰ পিছৰে পৰা টীম ইণ্ডিয়াই ঘৰৰ মাটিত এদিনীয়া মেচৰ শৃংখলাত অংশগ্রহণ কৰা নাই৷
খেলৰ সময়ঃ দিনৰ ১.৩০ বজা৷