নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিক্ষাৰিণী মহিলাৰ ঘৰত জব্দ বাইক, সোণ-ৰূপৰ অলংকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ কেটিএম বাইকৰ পৰা আৰম্ভ কৰি সোণ, ৰূপৰ অলংকাৰসহ গাঠে গাঠে টকা লগত আছে ১২টা ম’বাইল ফোন আৰু অন্যান্য মূল্যৱান সামগ্রী৷ এই সকলোবোৰ সামগ্রী উদ্ধাৰ হৈছে এগৰাকী ভিক্ষাৰিণী মহিলাৰ ঘৰত৷ ভিক্ষা কৰি এই মূল্যৱান সামগ্রী ক্রয় কৰা নাই মহিলাগৰাকীয়ে৷ আচলতে এই সকলো সামগ্রী চুৰি কৰা৷ মহিলাগৰাকীয়ে মানুহৰ ঘৰে ঘৰে ভিক্ষা কৰি বিভিন্ন তথ্য সংগ্রহ কৰে৷ সেই তথ্যৰ ভিত্তিত মহিলাগৰাকীৰ জোঁৱায়েকে চুৰি কৰে৷ কোনেও প্রথমে মহিলাগৰাকীক সন্দেহ কৰা নাছিল যদিও আৰক্ষীয়ে কেইবাটাও চুৰিৰ ঘটনাৰ পিছত এই মহিলাগৰাকীৰ গতি–বিধিৰ ওপৰত নজৰ ৰাখে৷ এনেদৰে মহিলাগৰাকীৰ ঘৰত গৈ উপস্থিত হয় আৰক্ষী আৰু এই মূল্যৱান সামগ্রীবোৰ জব্দ কৰে৷ বিহাৰৰ মুজফফপুৰৰ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ বর্তমান এই মহিলা ভিক্ষাৰিণী আৰক্ষীৰ জালত পৰিছে৷ আৰক্ষীয়ে মহিলাগৰাকীক গ্রেপ্তাৰ কৰিছে যদিও তেওঁৰ জোঁৱায়েক এতিয়াও পলাতক অৱস্থাত আছে৷ উল্লেখনীয় যে মহিলাগৰাকীৰ ঘৰত নেপাল, আফগানিস্তান, কুৱেইটসহ বিভিন্ন দেশৰ মুদ্রাও জব্দ কৰিছে আৰক্ষীয়ে৷

You might also like