নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীত ভাৰতীয় দলৰ জার্ছীত পাকিস্তানৰ নাম

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ ক্রিকেট বিশ্বত চলিছে চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্রহণ কৰা আটাইকেইটা দলকে নতুন জার্ছীত দেখা যাব৷ প্রতিযোগিতাখনত টীম ইণ্ডিয়াৰ জার্ছীৰ ৰং আৰু ডিজাইন সলনি কৰা হৈছে৷ আটাইতকৈ বিশেষ কথাটো হ’ল যে আন দলৰ দৰে ভাৰতীয় দলৰ জার্ছীতো লিখা থাকিব পাকিস্তানৰ নাম৷ দৰাচলতে আইচিচিৰ প্রতিখন ইভেণ্টতে দলসমূহৰ জার্ছীত প্রতিযোগিতাখনৰ ল’গ’ৰ লগতে আয়োজক দেশৰ নামো লিখা থাকে৷ এইবাৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান৷ সেই কাৰণেই প্রতিযোগিতাখনৰ বাবে তৈয়াৰ কৰা ভাৰতীয় দলৰ জার্ছীত পাকিস্তানৰ নাম থাকিব৷ অৱশ্যে ইয়াৰ পূর্বে ভাৰতীয় দলৰ জার্ছী আনতকৈ বেলেগ হ’ব পাৰে বুলি জল্পনা–কল্পনা আৰম্ভ হৈছিল৷ তাত পাকিস্তানৰ নাম লিখা নাথাকিব৷ কিন্তু চেম্পিয়নছ ট্ৰফীৰ জার্ছী পিন্ধা ভাৰতীয় খেলুৱৈৰ ফটো প্রকাশ পোৱাৰ পিছত স্পষ্ট হৈ পৰিল যে আয়োজক দেশৰ নাম অর্থাৎ পাকিস্তানৰ নাম থাকিব৷ চেম্পিয়নছ ট্ৰফীৰ বাবে তৈয়াৰ কৰা জার্ছীৰ দ্বিতীয়টো বৈশিষ্ট্য হ’ল– ইয়াৰ কান্ধত ত্রিৰংগা৷ আনহাতে সন্মুখত ভাৰত ডাঙৰ আখৰেৰে লিখা আছে৷ ৰঙৰ কথা ক’বলৈ গ’লে ই নীলা, যিটো বছৰ বছৰ ধৰি টীম ইণ্ডিয়াৰ পৰিচয় হৈ আহিছে৷ প্রতিযোগিতাখনত ভাৰতীয় দলটোৱে ২০ ফেব্রুৱাৰীৰ পৰা নিজৰ অভিযান আৰম্ভ কৰিব৷ তেওঁলোকৰ প্রথমখন মেচ হ’ব বাংলাদেশৰ বিৰুদ্ধে৷ যিখন খেল ডুবাইৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছত ভাৰতে ২৩ ফেব্রুৱাৰীত পাকিস্তানৰ মুখামুখি হ’ব৷ ২ মার্চত গ্রুপ পর্যায়ৰ অন্তিমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব৷

You might also like