নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচাৰ প্রক্রিয়া চলি থকা সময়তে হৃদৰোগত মৃত্যু অধিবক্তাৰ

🔹 তেলেংগানা হাইক’টত মর্মান্তিক ঘটনা

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : উচ্চ ন্যায়ালয়ত গোচৰৰ বিচাৰ প্রক্রিয়া চলি থকা সময়তে হূদৰোগত আক্রান্ত হৈ মৃত্যু হ’ল এজন অধিবক্তাৰ৷ এই ঘটনা সংঘটিত হৈছে তেলেংগানা উচ্চ ন্যায়ালয়ত৷ পৰহি বিচাৰ প্রক্রিয়া চলি থকাৰ সময়তে হঠাতে অধিবক্তাগৰাকী হূদৰোগত আক্রান্ত হয়৷ মৃত্যুমুখত পৰা অধিবক্তাগৰাকীৰ নাম পাছনুৰু বেণুগোপাল ৰায়৷ মর্মান্তিক এই ঘটনাত স্তম্ভিত হৈ পৰে আদালতত উপস্থিত অন্য লোকসকল৷ আনদিনাখনৰ দৰে পৰহিও তেলেংগানা উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল ৬৬ বছৰীয়া অধিবক্তা ৰাও৷ দুপৰীয়া ন্যায়াধীশ লক্ষ্মীনাৰায়ণ আলিচেট্টীৰ আদালতত গোচৰৰ শুনানিৰ কথা আছিল৷ কিন্তু তাৰ পূর্বেই প্রায় ডেৰ বজাত হঠাতে অসুস্থ হৈ পৰে ৰাও৷ উপস্থিত অন্য লোকসকলে একো কথা তর্কিবই পৰা নাছিল৷ হঠাতে আদালত কক্ষত ঢলি পৰে অধিবক্তাগৰাকী৷ তাৎক্ষণিকভাৱে এম্বুলেঞ্চ মাতি নিকটৱর্তী হাস্পতাললৈ লৈ যোৱা হয় অধিবক্তাগৰাকীক৷ কিন্তু হাস্পতাল গৈ পোৱাৰ পিছতে চিকিৎসকে ৰাওক মৃত বুলি ঘোষণা কৰে৷ তেলেংগানা উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ এ ৰবিন্দৰ ৰেড্ডীয়ে এই ঘটনাত গভীৰ শোক প্রকাশ কৰিছে৷ ১৯৯৮ চনৰ পৰা অধিবক্তাৰ পেছাত নিয়োজিত হৈ আছিল ৰাও৷

You might also like