হেটট্রিক বঞ্চিত অক্ষৰ, খেলপথাৰতে ক্ষমা প্রার্থনা ৰোহিতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ অন্য ক্রিকেটাৰে ভুল কৰিলে যিদৰে খেলপথাৰৰ ভিতৰতে তেওঁক ৰোহিত শর্মাই তিৰস্কাৰ কৰে, তেনেদৰে নিজে ভুল কৰিলে ক্ষমাও বিচাৰে৷ ডুবাইৰ খেলপথাৰত পুনৰবাৰ দেখা গ’ল ভাৰতীয় অধিনায়কগৰাকীৰ সেই গুণ৷ বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত ইতিহাসৰ সন্ধিক্ষণত উপনীত হৈছিল ভাৰতীয় স্পিনাৰ অক্ষৰ পেটেল৷ টানজিদ হাছান আৰু মুছফিকুৰ ৰহিমক ক্রমাগত দুটা বলত ওভতাই পঠিয়াই হেটট্রিকৰ দুৱাৰডলিত আছিল অক্ষৰ৷ ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই বিপক্ষ বেটাৰ জাকেৰ আলীৰ বাবে দুটা স্লিপ আৰু লেগ স্লিপ ৰাখিছিল৷ অক্ষৰ পেটেলৰ বলত জাকেৰে স্পর্শ কৰাৰ লগে লগে স্লিপলৈ কেচ যায় যদিও ৰোহিতে ধৰিব নোৱাৰিলে৷ স্লিপত তেওঁৰ সুনাম আছে যদিও কেচ ধৰাত ব্যর্থ হয়৷ ফলত এটা নিশ্চিত হেটট্রিকৰ পৰা বঞ্চিত হয় অক্ষৰ৷ ইয়াতকৈ ডাঙৰ কথাটো হ’ল যে এইগৰাকী বেটাৰে অৱশেষত বাংলাদেশৰ ইনিংছত ৬৮ ৰানৰ বৰঙণি আগবঢ়ায়৷ মাত্র ৩৫ ৰানতে পাঁচটা উইকেট হেৰুওৱা বাংলাদেশক জাকেৰ আলী আৰু ৰোহিত হৃদয়ৰ যুটীয়ে ১৫৪ ৰান উপহাৰ দিয়ে৷ জাকেৰৰ কেচ পেলোৱাৰ পিছতে হতাশাগ্রস্ত ৰোহিতে অক্ষৰ পেটেলৰ ফালে হাতযোৰ কৰি ক্ষমা প্রার্থনা জনায়৷ ক্রিকেটত এষাৰ কথা আছে– কেচ ধৰা মেচ জিকা৷ ১৯৯৯ চনৰ বিশ্বকাপত অষ্ট্রেলিয়াৰ অধিনায়ক ষ্টিভ ৱ’ৰ কেচ পেলাইছিল দক্ষিণ আফ্রিকাৰ হার্চেল গিবছে৷ তাৰ পিছতে ষ্টিভ ৱ’ই কৰা সেই মন্তব্য অমৰ হৈ ৰৈছে ক্রিকেট ইতিহাসত৷ জাকেৰৰ কেচ পেলোৱাৰ পিছত বাংলাদেশী বেটাৰগৰাকীয়ে কোনো মন্তব্য নকৰিলেও ৰোহিত শর্মাই কেচটো ধৰিব পাৰিলে বাংলাদেশে হয়তো ১০০ ৰান সংগ্রহ কৰিবলৈ সক্ষম নহ’লহেঁতেন৷