নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত অভিলেখ গঢ়িলে মহম্মদ ছামীয়ে

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : আঘাতৰ বাবে দীর্ঘদিন ক্রিকেটৰ পৰা আঁতৰত থকা পেচ বলাৰ মহম্মদ ছামীয়ে চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচতে ৫টা উইকেট দখল কৰিছে৷ ইয়াৰ লগে লগে তেওঁ এদিনীয়া ক্রিকেটত ২০০ উইকেট দখলৰ অভিলেখ গঢ়ে৷ এদিনীয়া ক্রিকেটত আটাইতকৈ কম বলত এই কৃতিত্ব গঢ়ি বিশ্ব অভিলেখৰ গৰাকী হয় ছামী৷ বাংলাদেশৰ বিৰুদ্ধে কালি চেম্পিয়নছ ট্রফীৰ মেচখনত নমাৰ পূর্বে তেওঁৰ উইকেটৰ সংখ্যা আছিল ১৯৭৷ ২০০ উইকেট দখলৰ বাবে ছামীক প্রয়োজন হয় ৫,১২৬টা বলৰ৷ ইমান কমসংখ্যক বলত বিশ্বৰ কোনো বলাৰে ২০০ উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ পূর্বে এই অভিলেখ গঢ়িছিল অষ্ট্রেলিয়াৰ পেচ বলাৰ মিছেল ষ্টার্কে৷ তেওঁ ৫২৪০টা বলত এই কৃতিত্ব অর্জন কৰিছিল৷

You might also like