নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলঅ’চিত ভাৰত–পাকিস্তানৰ ফ্লেগ মিটিং

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাই যুদ্ধবিৰতিৰ সমান্তৰালকৈ এলঅ’চিৰ সমীপত সঘনাই আইইডি বিস্ফোৰণ সংঘটিত কৰি আহিছে৷ পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘনৰ সময়ত যথোচিত প্রত্যুত্তৰ দি ভাৰতীয় সেনাই সীমান্তৰ সিপাৰে পাক সেনাক আঘাত কৰাৰ পিছত দুয়োখন দেশৰ সেনাৰ মাজত ফ্লেগ মিটিং অনুষ্ঠিত হয়৷ কালি জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ এলঅ’চিৰ সমীপতে ভাৰত–পাকিস্তানৰ ব্রিগেড কমাণ্ডাৰ পর্যায়ৰ বিষয়াৰ এখন ফ্লেগ মিটিং অনুষ্ঠিত হয়৷ এই বৈঠকত সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা আৰু আইইডি আক্রমণক লৈ চলি থকা উত্তেজনাৰ শাম কটোৱাৰ বাবে সহমতত উপনীত হয়৷ প্রায় ৭৫ মিনিট ধৰি চলা দুই দেশৰ সেনাৰ এই বৈঠকখন চক্কন দ্য বাগ সীমান্ত পইণ্টত অনুষ্ঠিত হয়৷ বৈঠকখনত সীমান্তত চলি থকা উত্তেজনা শাম কটোৱাৰ লগতে শান্তি বাহাল ৰখাৰ সিদ্ধান্তত উপনীত হয়৷ বিগত কেইবাদিনো ধৰি সীমান্তত দুই দেশৰ মাজত চলি থকা উত্তেজনাৰ পৰিপ্রেক্ষিততেই ফ্লেগ মিটিঙৰ আৱশ্যকতা আহি পৰে আৰু সেই মর্মে দুয়ো দেশৰ ব্রিগেড কমাণ্ডাৰ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ ২০২১ চনৰ ২৫ ফেব্রুৱাৰীৰ যুদ্ধবিৰতি সন্দর্ভত বিতং আলোচনা কৰাৰ অন্তত সীমান্তত শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়া হয়৷ উল্লেখনীয় যে যুদ্ধবিৰতি চুক্তি থকাৰ পিছতো পাকিস্তানী সেনাই বিগত সপ্তাহত কেইবাবাৰো গুলীচালনা কৰি যুদ্ধবিৰতি উলংঘন কৰিছে৷ ইয়াৰ লগতে সীমান্ত অঞ্চলত ১১ ফেব্রুৱাৰীত আইইডি বিস্ফোৰণ, য’ত দুজন সেনা জোৱান শ্বহীদ হয়৷ ইয়াৰ পূর্বে ১০ ফেব্রুৱাৰীতো ৰাজৌৰিৰ এলঅ’চিত দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত দুজন ভাৰতীয় সেনা আহত হৈছিল৷ পুঞ্চ ছেক্টৰত বিগত সপ্তাহত আইইডি বিস্ফোৰণৰ ফলত দুজন সেনা জোৱান আহত হৈছিল৷ পাকিস্তানী সেনাই সীমান্তৰে জম্মু–কাশ্মীৰত সন্ত্রাসবাদী অনুপ্রৱেশ কৰোৱাৰ প্রাক্মুহূর্তত এনেধৰণে যুদ্ধবিৰতি উলংঘন কৰাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ ভাৰতীয় সেনাই এই তথ্য ভালদৰে জ্ঞাত বাবেই পাক সেনাক যথোচিত প্রত্যুত্তৰ দিবলৈ সষ্টম হৈ থাকে৷

You might also like