মাস্কৰ শিশু পুত্রৰ বাবে ঐতিহ্যবাহী ডেস্ক আঁতৰালে ট্রাম্পে
🔹 চাৰি বছৰীয়া এক্সে নাক খুঁচৰি মচি দিছিল ডেস্কত
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : কেইদিনমান পূর্বে মার্কিন ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিছে ড’নাল্ড ট্রাম্পে৷ শপত গ্রহণ কৰাৰ এমাহ নৌহওঁতেই ওভেল অফিচৰ ঐতিহ্যবাহী ৰেজোলিউট ডেস্ক আঁতৰ কৰি দিলে ট্রাম্পে৷ ইয়াৰ বিপৰীতে তাত নতুন ডেস্ক বহুওৱা হৈছে৷ ইয়াৰ কাৰণ আশ্চর্যজনক- ট্রাম্প প্রশাসনৰ অন্যতম গুৰুত্বপূর্ণ পদবীধাৰী ধনকুবেৰ এলন মাস্কৰ শিশু পুত্র এক্স (এই নামেৰেই শিশুটিক মতা হয়)ৰ কাৰণেই এই কাম কৰিবলগীয়া হৈছে ট্রাম্পে৷ চাৰি বছৰীয়া এক্সে নাক খুঁচৰি হাত মচি দিছিল ট্রাম্পৰ এই ঐতিহ্যবাহী ডেস্কত৷ ইয়াতেই শংকিত হৈ পৰে ৰাষ্ট্রপতিগৰাকী৷ ‘ৰোগ–বীজাণু’ৰ আতংকত ট্রাম্পে নির্দেশ দিলে ৰেজোলিউট ডেস্ক আঁতৰ কৰি দিয়াৰ৷ অৱশ্যে এই বিষয়টো সন্দর্ভত ওভেল অফিচ বা মার্কিন ৰাষ্ট্রপতিক কোনেও স্পষ্টীকৰণ দিয়া নাই৷ কিন্তু বিষয়টোক লৈ চর্চা চলিছে আমেৰিকাত৷ কেইদিনমান পূর্বে ট্রাম্পৰ সৈতে দেখা কৰিবলৈ হোৱাইট হাউছলৈ গৈছিল মাস্ক৷ সেই সময়ত ট্রাম্প আৰু মাস্কৰ শিশু পুত্রৰ সাক্ষাতৰ বিভিন্ন মুহূর্তৰ ছবি বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত৷ আনকি ডেস্কত মাস্কৰ পুত্রই নাক মোহাৰি মচি দিয়া ছবিও ভাইৰেল হৈছে৷ লক্ষণীয় যে ট্রাম্পে মাস্কৰ এই শিশু পুত্রক অতি বুধিয়ক হ’ব বুলি প্রশংসা কৰিছিল যদিও ডেস্কত নাক খুঁচৰি হাত মচা দৃশ্য দেখাৰ পিছতে এই ডেস্ক আঁতৰ কৰি দিয়াৰ নির্দেশ দিয়ে৷ স্মর্তব্য যে ১৮৮০ চনত মহাৰাণী ভিক্টোৰিয়াই বন্ধুত্বৰ প্রতীক হিচাপে এই ৰেজোলিউট ডেস্ক তেতিয়াৰ মার্কিন ৰাষ্ট্রপতি ৰাডাৰফ’ৰ্ড বি হায়েছক উপহাৰ দিছিল৷