নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানাত সুৰংগৰ মূধচ খহি ধ্বংসস্তূপত আবদ্ধ আঠ শ্রমিক

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : সুৰংগত ভূমিস্খলনৰ ফলত ভয়াৱহ দুর্ঘটনা! তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্রীছাইলাম বান্ধত অৱস্থিত এই সুৰংগত কাম চলোৱা সময়তে হঠাতে ভাগি পৰে সুৰংগৰ মূধচৰ এটা অংশ৷ দুর্ঘটনাৰ মুহূর্ততে তাৰ পৰা বহু শ্রমিকে আঁতৰি আহিবলৈ সক্ষম হয়৷ কিন্তু আঠজন শ্রমিক এই ধ্বংসস্তূপত আবদ্ধ হৈ পৰে৷ এই ঘটনাত প্রাণহানিৰ আশংকা কৰিছে প্রশাসনে৷ আবদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে৷ প্রশাসনৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি সুৰংগৰ ভিতৰত লিকেজৰ সমস্যা সৃষ্টি হোৱাত তাৰ মেৰামতিৰ বাবে শ্রমিকসকলক কামত নিয়োজিত কৰা হৈছিল৷ সুৰংগৰ ভিতৰত আৰম্ভ হয় মূধচৰ পৰা স্খলন৷ ইয়াৰ ফলত শ্রমিককেইজন আবদ্ধ হৈ পৰিছে৷ প্রশাসনে দাবী কৰা অনুসৰি সুৰংগটোৰ দহ মিটাৰ অংশ ভাগি পৰিছে৷

You might also like