নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্য ! চুলি সৰি শেষ মহাৰাষ্ট্রৰ ১৮ গাঁৱৰ বাসিন্দাৰ

🔹 পঞ্জাবৰ পৰা অহা ঘেঁহুত থকা চিলিকনৰ বাবেই ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : আঠৰ পৰা আশী, ৰোগত আক্রান্ত আবাল–বৃদ্ধ–বনিতা৷ শেহতীয়াকৈ মহাৰাষ্ট্রৰ বুলধানা জিলাৰ ১৮খন গাঁৱৰ বাসিন্দাসকলৰ ৰহস্যজনকভাৱে মূৰৰ চুলি সৰি পৰিছে৷ চিন্তাত পৰিছে গাঁৱৰ বাসিন্দাসকল৷ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে প্রশাসনে৷ ঘেঁহুত থকা ৰাসায়নিক পদার্থৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ পদ্মশ্রী সন্মানপ্রাপ্ত চিকিৎসক হিমন্তৰাও বাৱাস্কাই কেইবামাহো ধৰি বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাইছে৷ চিকিৎসকগৰাকীয়ে সদৰী কৰা অনুসৰি, জিলাখনৰ বাসিন্দাসকলে খোৱাৰ বাবে যি ঘেঁহু ব্যৱহাৰ কৰিছে, তাত চিলিকনৰ মাত্রা অত্যধিক আছে৷ লক্ষণীয়ভাৱে জিংকৰ মাত্রা যথেষ্ট কম সেই ঘেঁহুত৷ প্রভাৱিত অঞ্চলৰ ঘেঁহু পৰীক্ষা কৰি চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে যে এই ঘেঁহুত ৬০০ গুণৰ অধিক মাত্রাত চিলিকন পোৱা গৈছে৷ সাধাৰণতে জিলাখনৰ গাঁওসমূহত উৎপাদন হোৱা ঘেঁহুত অত্যধিক পৰিমাণৰ চিলিকন নাথাকে৷ কিন্তু এই ঘেঁহু ৰেচনৰ দোকানৰ পৰা লাভ কৰিছে গাঁওসমূহৰ বাসিন্দাসকলে৷ চিকিৎসকগৰাকীয়ে সদৰী কৰা অনুসৰি, এই ঘেঁহু পঞ্জাবৰ পৰা সৰবৰাহ হৈছে৷ লক্ষণীয়ভাৱে এই ঘেঁহুক খাদ্য হিচাপে ব্যৱহাৰ কৰা ২–৩ দিনৰ পিছৰে পৰা চুলি সৰিবলৈ লয় বাসিন্দাসকলে৷ ঘেঁহুৰ নমুনা থানেৰ এটা পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত প্রতি কিলোগ্রামত ১৪.৫২ মিলিগ্রাম চিলিকনৰ উপস্থিতি ধৰা পৰিছে৷ সাধাৰণতে প্রতি কেজি ঘেঁহুত ১.৯ মিলিগ্রাম চিলিকন থকাটো স্বাভাৱিক৷ ইফালে, এই ১৮খন গাঁৱত ৩০০গৰাকী লোকৰ তেজ, চুলি আৰু প্রস্রাৱৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰাত অত্যধিক পৰিমাণৰ চিলিকন পোৱা গৈছে৷ কিন্তু উদ্বেগজনকভাৱে জিংকৰ পৰিমাণ কম৷ ইতিমধ্যে এই ঘটনাৰ বাবে বহু ছাত্র–ছাত্রীয়ে স্কুললৈ যাবলৈ বাদ দিছে৷ আনকি বহু তৰুণীৰ বিয়া ঠিক হোৱাৰ পিছতো চুলি সৰি যোৱাৰ বাবেই ভাগিছে বিয়া৷

You might also like