🔹 পুৰুষৰ প্রতি সহানুভূতিশীল হওক প্রশাসন !
নিউজ ডেস্ক, ১ মাৰ্চ : বেংগালুৰুৰ পাছত এইবাৰ আগ্রা৷ আ*ত্মঘাতী হ’ল এগৰাকী তথ্য–প্রযুক্তি কর্মী৷ এই তথ্য–প্রযুক্তি কর্মীগৰাকীৰ নাম মানৱ শর্মা৷ মৃ*ত্যুৰ পূর্বে এটা ভিডিঅ’ প’ষ্ট কৰি প্রশাসনক পুৰুষসকলৰ প্রতি অকণ সহানুভূতিশীল হোৱাৰ আবেদনো জনালে মানৱে৷ ইয়াৰ পিছত দায়ী কৰে পত্নীক৷ মানৱে দাবী কৰে যে বিবাহ–বহির্ভূত সম্পর্ক আছে তেওঁৰ পত্নীৰ৷ মানৱৰ পত্নীয়ে এই দাবী অস্বীকাৰ কৰি মানৱ সুৰাসক্ত আছিল বুলি অভিযোগ কৰিছে৷ পত্নীৰ অভিযোগ অনুসৰি পূর্বেও আ*ত্মহত্যাৰ চেষ্টা চলাইছিল মানৱে৷ পৰিয়ালক এই কথা জনায়ো কোনো সুফল পোৱা নাছিল মানৱৰ পত্নীয়ে৷ ইফালে, মানৱৰ মৃ*ত্যুৰ পিছত বোৱাৰীয়েকৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে পিতৃয়ে৷ ২০২৪ চনৰ জানুৱাৰী মাহত বিবাহপাশত আবদ্ধ হৈছিল মানৱ৷ যোৱা ২৪ ফেব্রুৱাৰীত আগ্রাৰ বাসগৃহৰ পৰা মানৱৰ মৃ*তদেহ উদ্ধাৰ হয়৷ মৃ*ত্যুৰ পূর্বে এটি ভিডিঅ’ত নিজৰ বক্তব্য ৰেকর্ড কৰে মানৱে৷ এই ভিডিঅ’ত প্রশাসনক পুৰুষসকলৰ প্রতি সহানুভূতিশীল হ’বলৈও আবেদন জনায় মানৱে৷