নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্ৰফীত আজি খেলিব ৩০০সংখ্যক এদিনীয়া

🔹 কেইবাটাও অভিলেখ গঢ়াৰ দিশে কোহলি

নিউজ ডেস্ক, ২ মার্চ : চলিত চেম্পিয়নছ ট্ৰফীত আজি অন্তিমখন গ্রুপ মেচত নিউজিলেণ্ডৰ বিপক্ষে অৱতীর্ণ হ’ব ভাৰতীয় দল৷ এই মেচখন ভাৰতীয় দলটোৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ এদিনীয়া কেৰিয়াৰৰ ৩০০সংখ্যক মেচ হ’ব৷ দেশৰ সপ্তমগৰাকী ক্রিকেটাৰ হিচাপে এই অনন্য কৃতিত্বৰ অধিকাৰী হ’ব কোহলি৷ কোহলিয়ে আজি বহুকেহটা অভিলেখ ৰচনাৰ সুযোগ লাভ কৰিব৷ নিউজিলেণ্ডৰ বিপক্ষে আজি ৫১ ৰান সংগ্রহ কৰিব পাৰিলে কোহলিয়ে চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় দলৰ হৈ সর্বাধিক ৰান কৰাৰ অভিলেখ ৰচিব৷ কোহলিৰ পূর্বে ধাৱানে এই পর্যন্ত চেম্পিয়নছ ট্ৰফীৰ ১০খন মেচত ৭০১ ৰান সংগ্রহ কৰি শীর্ষত আছে৷ আনহাতে, কোহলিয়ে এতিয়ালৈকে ১৫খন মেচত ৬৫১ ৰান সংগ্রহ কৰিছে৷ ১৭খন মেচত ৭৯১ ৰানেৰে সামগ্রিকভাৱে এই তালিকাৰ শীর্ষস্থানত আছে ৱেষ্ট ইণ্ডিজৰ প্রাক্তন তাৰকা ক্রিছ গেইল৷ আজিৰ মেচখনৰ সময়তে কোহলিয়ে শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰাৰ সুযোগ পাব৷ এই পর্যন্ত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত সর্বাধিক ৰান সংগ্রহৰ অভিলেখ আছে শচীনৰ নামত৷ কিৱি বাহিনীৰ বিপক্ষে শচীনে কেৰিয়াৰৰ ৪২খন এদিনীয়াত ১,৭৫০ ৰান সংগ্রহ কৰিছিল৷ আনহাতে, কোহলিয়ে এই পর্যন্ত দলটোৰ বিপক্ষে ৩১খন মেচত ১,৬৪৫ ৰান সংগ্রহ কৰিছে৷ এনে অৱস্থাত আজি ১০৬ ৰান সংগ্রহ কৰাৰ লগে লগে শচীনৰ এই অভিলেখ ভংগ কৰিব পাৰিব কোহলিয়ে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত সর্বাধিক শতক অর্জনৰ ক্ষেত্রত সম্প্রতি ছয়টাকৈ শতকেৰে সেহৱাগৰ সৈতে কোহলি যুটীয়াভাৱে শীর্ষত আছে৷ কোহলিয়ে আজি যদি শতক সম্পূর্ণ কৰে, সেহৱাগক অতিক্রম কৰিব৷ ইফালে, কোহলিয়ে এই পর্যন্ত ২৯৯খন মেচত ১৪,০৮৫ ৰান সংগ্রহ কৰিছে৷ ইয়াৰ উপৰি আজিৰ মেচখনত যদি কোহলিয়ে তিনিটা কেচ আয়ত্ত কৰে তেন্তে ৰিকী পণ্টিঙক (১৬০টা কেচ) অতিক্রমি এদিনীয়াত দ্বিতীয় সর্বাধিক কেচ আয়ত্ত কৰা খেলুৱৈ হিচাপে পৰিগণিত হ’ব৷

You might also like