নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআইক মুকলি প্রত্যাহ্বান পিচিবিৰ

🔹 ভাৰতীয় দল পাকিস্তানলৈ প্রেৰণ নকৰাত খৰ্গহস্ত

নিউজ ডেস্ক, ২ মার্চ : চেম্পিয়নছ ট্ৰফীক কেন্দ্র কৰি বিচিচিআই আৰু পিচিবিৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ৷ বিচিচিআয়ে প্রতিযোগিতাখনৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ প্রেৰণ নকৰাত হাইব্রিড মডেলত অনুষ্ঠিত হয় চেম্পিয়নছ ট্ৰফী৷ এই বিষয়ক কেন্দ্র কৰি বিচিচিআইৰ ওপৰত যেন এতিয়াও খর্গহস্ত হৈ আছে পিচিবি৷ এনে পৰিস্থিতিতে পাকিস্তান ক্রিকেট ব’র্ডে এতিয়া বিচিচিআইক স্পষ্টকৈ প্রত্যাহ্বান জনাইছে৷ পিচিবিয়ে গ্রহণ কৰা এক সিদ্ধান্তই এনে চর্চাৰে সূচনা কৰিছে ক্রিকেট বিশ্বত৷ চলিত চেম্পিয়নছ ট্ৰফীৰ মাজতে পিচিবিয়ে পাকিস্তান ছুপাৰ লীগৰ সূচী ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে এই প্রতিযোগিতাৰ জৰিয়তে পিচিবিয়ে প্রত্যাহ্বান জনাইছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্রিকেট লীগ আইপিএলক৷ পিচিবিয়ে এক আচৰিত সিদ্ধান্ত গ্রহণ কৰি পিএছএলৰ দশম সংস্কৰণ আইপিএল ২০২৫ৰ মাজভাগতে আয়োজন কৰাৰ কথা ঘোষণা কৰিছে৷ পাকিস্তানৰ এই ক্রিকেট লীগ ১১ এপ্রিলৰ পৰা আৰম্ভ হ’ব, আনহাতে ১৮ মে’ত অনুষ্ঠিত হ’ব প্রতিযোগিতাখনৰ চূড়ান্ত মেচ৷ ইফালে, ২২ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএল ২৫ মে’ত অন্ত পৰিব৷ সেয়ে পিচিবিয়ে এই সূচীৰে বিচিচিআইক প্রত্যাহ্বান জনাবলৈ চেষ্টা কৰিছে বুলিয়েই ক্রিকেটপ্রেমীয়ে অনুভৱ কৰিছে৷ পাকিস্তান ছুপাৰ লীগৰ প্রথমখন খেল ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাৰ ৩৪খন মেচ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব৷ লীগ পর্যায়ত ৩০খন মেচৰ পিছত ১৩ আৰু ১৪ মে’ত এলিমিনেটৰ ১ আৰু ১৬ মে’ত এলিমিনেটৰ ২ অনুষ্ঠিত হ’ব৷ ১৮ মে’ত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্রতিযোগিতাৰ ফাইনেল৷ লক্ষণীয়ভাৱে পাকিস্তানে পূর্বে এই প্রতিযোগিতা জানুৱাৰীৰ পৰা মার্চ মাহৰ ভিতৰত আয়োজন কৰি আহিছে৷ এনে স্থিতিত আইপিএলৰ পূর্বে বিশ্বৰ বহু শীর্ষস্থানীয় খেলুৱৈক এই প্রতিযোগিতাত দেখা পোৱা গৈছিল৷ পিছে এইবাৰ বিচিচিআইক প্রত্যাহ্বান জনাবলৈ গৈ পিচিবিয়ে এই খেলুৱৈসকলক হেৰুওৱাৰ সম্ভাৱনাহে আছে৷ তদুপৰি বিশ্বজুৰি আইপিএলৰ জনপ্রিয়তালৈ চাই এইবাৰ পিএছএলে দর্শক হেৰুওৱাৰো সম্ভাৱনা আছে৷

You might also like