নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পক ৰঙা চকু দেখুওৱা ইউক্রেইনৰ ৰাষ্ট্রপতিৰে ৩ বিলিয়ন ইউৰো ঋণৰ চুক্তি

নিউজ ডেস্ক, ৩ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে হোৱাইট হাউছৰ কার্যালয়ত বাক্–বিতণ্ডাত লিপ্ত হোৱা ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কীক উষ্ম আলিংগন ব্রিটিছ প্রধানমন্ত্রী কেইৰ ষ্টাৰমাৰৰ৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে মার্কিন যুক্তৰাষ্ট্রৰ ৰাজধানী হোৱাইট হাউছৰ কার্যালয়ত ৰাষ্ট্রপতি ট্রাম্প আৰু ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীৰ আলোচনাৰ সময়ত তীব্র বাক্–বিতণ্ডাৰ সৃষ্টি হয়৷ তথ্য মতে, ট্রাম্পৰ সৈতে আলোচনাত বিভিন্ন বিষয়ক লৈ মতভেদৰ বাবেই জেলেনস্কী তর্কত লিপ্ত হয়৷ বিশ্বজুৰি এই বৈঠকক লৈ তীব্র প্রতিক্রিয়া চলি থকাৰ সময়তে ব্রিটেইনৰ প্রধানমন্ত্রী কেইৰ ষ্টাৰমাৰে ডাউনিং ষ্ট্রীটত ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীক উষ্ম আদৰণি জনায়৷ প্রথমে কৰমর্দন কৰি উষ্ম আলিংগন কৰা প্রধানমন্ত্রী ষ্টাৰমাৰে ইউক্রেইনৰ ৰাষ্ট্রপতিৰ সৈতে দেশখনৰ প্রতিৰক্ষা সক্ষমতা শক্তিশালীকৰণৰ লক্ষ্যৰে তিনি বিলিয়ন ইউৰো ঋণ প্রদানৰ চুক্তি স্বাক্ষৰিত কৰে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে বৈঠকৰ সময়ত উপ–ৰাষ্ট্রপতি জে ডি ভান্সে ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে অসন্মান প্রদর্শন কৰা বুলি অভিযোগ কৰাৰ পাছতে জেলেনস্কী আৰু ইউক্রেইনৰ দলটোক হোৱাইট হাউছৰ পৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে৷ তথ্য মতে, ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীক কোনোধৰণৰ খাদ্যও পৰিৱেশন কৰা হোৱা নাছিল৷ ট্রাম্পক ৰঙা চকু দেখুওৱা জেলেনস্কীক ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ উষ্ম আলিংগন কৰাৰ লগতে সমর্থকসকলেও আদৰণি জনাইছে৷ ইপিনে, মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে জেলেনস্কীৰ সম্পর্ক তিক্ত হোৱাৰ পাছত ব্রিটিছ প্রধানমন্ত্রীগৰাকী ইউৰোপীয় সংঘ, ফ্রান্সৰ সৈতে প্রথমে আলোচনাত মিলিত হ’ব আৰু এই শান্তি আলোচনাত মিলিত হোৱাৰ পাছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পেৰেও বৈঠকত বহিব ব্রিটিছ প্রধানমন্ত্রী৷ ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ জেলেনস্কীৰ সৈতে কৰা আচৰণক লৈ সন্তুষ্টি ব্যক্ত কৰি ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে কয় যে গ্রেটব্রিটেইনক লৈ তেওঁ অত্যন্ত সুখী আৰু তেওঁলোকৰ এই সমর্থন সদায় মনত ৰাখিব৷ দুয়োগৰাকী নেতাৰ আলোচনাৰ সময়ত ইউক্রেইন আৰু ইউৰোপীয় দেশসমূহে ভুগি থকা প্রত্যাহ্বানক লৈও আলোচনা হয়৷ ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধ সমাপ্ত কৰিবলৈ ব্রিটেইনৰ কি ভূমিকা সেয়া লক্ষণীয় হ’ব৷

You might also like