সুকন্যা : দেৰগাঁৱৰ নেঘেৰিটিং শিৱদ’ল
মৃগেন শর্মা
অসমৰ বিখ্যাত মন্দিৰবোৰৰ ভিতৰত নেঘেৰিটিঙৰ শিৱদ’ল উল্লেখযোগ্য৷ এই দেৱালয়ৰ মহিমা অপাৰ৷ নেঘেৰিটিঙৰ শিৱদ’ল অসমৰ গোলাঘাট জিলাৰ অন্তর্গত দেৰাগাঁও নগৰৰ পৰা পূবফালে ছয় কিলোমিটাৰমান আঁতৰত অৱস্থিত৷ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ গ্রন্থত আছে– ‘নেঘেৰিটিঙৰ বানলিংগৰ কথা স্বর্গদেউ চুচেংফাৰ দিনত লিখা হৈছে৷’ এই বানলিংগৰ বিষয়ে আৰু এটা গল্প শুনা যায়৷ অতি পুৰণি কালতে ঔব্ব নামৰ এজনা ঋষিয়ে এই ঠাইতে দ্বিতীয় কাশী প্রতিষ্ঠা কৰিবলৈ অসংখ্য শিৱলিংগ প্রতিষ্ঠা কৰি ঘাই বানলিংগক পূজা কৰিছিল৷ কোনো কাৰণত সেই ঋষিয়ে এই ঠাইত কাশীধাম কৰিব নোৱাৰিলে৷ এই বানলিংগৰ মাহাত্ম্য আৰু শীতল–নেঘেৰিটিঙৰ পানীৰ তলতে পৰি থকা শুনি অষ্টাদশ শতিকাৰ শেষভাগত ৰাজেশ্বৰ সিংহই বর্তমান ঠাইৰ টিলাৰ ওপৰত অতি সুন্দৰ কাৰুকার্যৰে এটা দ’ল সজায়৷ এই দ’লটো পুৰণি ভগাদ’লৰ ইটা আৰু শিলেৰে সজোৱা বুলি জনা যায়৷ পুৰণি দ’লৰ শিল বর্তমান দ’লৰ খটখটিত দেখা যায়৷ এই নেঘেৰিটিঙৰ দৌলটো শিৱসাগৰত থকা দ’লবিলাকতকৈ ধুনীয়া৷ চেপেটা ইটাৰে সজোৱা কর্দৈশিৰীয়া নেঘেৰিটিং শিৱদ’ল আহোম যুগৰ কাৰুকার্যৰ এক সুন্দৰ নিদর্শন৷ শিৱদ’লৰ বেৰত নানা তৰহৰ মূর্তি কটা আছে৷ ঘাই ডাঙৰ দ’লটোৰ দুই কাষে আৰু চাৰিটা দ’ল আছে৷ মূল দ’লত বানলিংগ প্রতিষ্ঠা কৰা হৈছে৷ প্রত্যেকটো দ’লৰে একোটি আগচ’ৰা আছে৷ শুনা যায় স্বর্গদেউ ৰাজেশ্বৰ সিংহই দ’লহে কৰালে, শিৱলিংগ প্রতিষ্ঠা কৰাৰ আগতে স্বর্গী হয়৷ পাছত স্বর্গদেউ লক্ষ্মীসিংহইহে এই দ’লত বানলিংগ প্রতিষ্ঠা কৰে৷ মন্দিৰৰ ভিতৰত এচটা ডাঙৰ শিলৰ ওপৰত বানলিংগ প্রতিষ্ঠা কৰা আছে আৰু বানলিংগৰ কেওফালে বহুতো শিৱলিংগ আছে বুলি শুনিছোঁ৷ এই শিৱ মন্দিৰৰ পূজাৰীজন ভূধৰ আগমাচার্য৷ এওঁ কন্দলি গোসাঁই আৰু মধুমিশ্র গোসাঁইৰ আদি পুৰুষৰ সৈতে একেলগে কান্যকুব্জৰ পৰা অসমলৈ অহা বুলি কয়৷ মন্দিৰৰ বর্তমান পূজাৰীসকল আগমাচার্যৰ বংশধৰ৷ প্রথমতে বুদ্ধিনাৰায়ণে শীতল– নেঘেৰিত এই ভগা শিৱ মন্দিৰটো নকৈ সাজি তাত বানলিংগ প্রতিষ্ঠা কৰোঁতে ভূধৰ আচার্যক পূজাৰী নিয়োগ কৰিছিল বুলি জনা যায়৷ এই পূজাৰীজনক বৰঠাকুৰ উপাধি দিয়া হয়৷ আৰু কেতিয়াবা অশৌচ আদিত বৰঠাকুৰে পূজা কৰিব নোৱাৰিলে এঘৰ সৎ ব্রাহ্মণক পাত্র–ঠাকুৰ কৰি সেই অশৌচৰ সময়ত পূজা কৰিবলৈ নিয়োগ কৰে৷ এই বংশতে ৰজাই কেইজনমান লোকক দেৱলীয়া বৰুৱা, মলীয়াবৰুৱা আৰু খংগিয়াবৰুৱা পাতে৷ স্বর্গদেউসকলে নেঘেৰিটিঙৰ শিৱদ’ললৈ বৰঠাকুৰ, পাত্র–ঠাকুৰৰ উপৰি কেইবাখনো অন্য মানুহৰ গাঁও খেতি আদি কৰি বস্তু যোগাবলৈ আৰু নটৰ গাঁও এখন দিছিল শিৱদ’লতে গীত–বাদ্য কৰিবলৈ৷ আৰু এই দ’লৰ বাবে ভালেমান খাত–পাম দিছিল৷ এই খাত–পামৰ সীমা নেঘেৰিটিঙৰ দক্ষিণে ঢ়েকিয়াললৈকে আছিল বুলি কয়৷ আনৰ মতে সেই ঠাইডোখৰ দেৱতা শিৱক দিয়াৰ বাবে দেৱৰ গাঁও বা ‘মেৰগাঁও’ হ’ল৷ স্বর্গদেউসকলে এই বানলিংগক বিশেষ শ্রদ্ধা কৰিছিল৷ ৰজাই খোৱাৰ আগতে নেঘেৰিটিং শিৱদ’লৰ নির্মালি লোৱাৰ ব্যৱস্থা কৰিছিল৷ নেঘেৰিটিঙৰ পৰা আগতে শিৱদ’লৰ নির্মালি স্বর্গদেউক দিয়া হৈছিল৷
নেঘেৰিটিং শিৱদ’লৰ ইতিহাস
আহোম স্বর্গদেউ প্রতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষত মহাদেৱৰ এটা মন্দিৰ সাজিছিল৷ এই দেৱালয়খন নদীৰ পানীয়ে খহাই নিয়াত পিছত ১৬৮৭ শকত (ইংৰাজী ১৭৬৫ চন) স্বর্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো নেঘেৰিটিং নাম দি গিৰি শিখৰত সাজে৷ প্রবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰাং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং হয়৷ দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূর্ণ বৈশিষ্ট্য আছিল দেৱদাসী নৃত্য৷ এসময়ত এই নৃত্য চাবলৈ বহুত দূৰ–দূৰণিৰ পৰা মানুহ আহিছিল৷ এই নৃত্য কৰাসকলক ‘নটী’ বোলা হৈছিল৷ নটীসকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধিছিল৷ ইয়াক ‘নেঘেৰি খোপা’ বোলা হৈছিল৷ চিনাতলীয়া নটৰ জীয়াৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল৷ ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বর্গদেউ শিৱসিংহই ৰাজকাৰেঙলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু প্রমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰাণী পাতিছিল৷
নেঘেৰিটিং শিৱদ’লৰ অৱস্থান
তিনি কুৰি পোন্ধৰটা শিলৰ ছিৰি উঠি গৈ প্রায় বিশ গজমান ছিৰি নোহোৱা ক্রমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্রম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়৷ গেটৰ পৰা এশ গজ গ’লেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়৷ চৌহদৰ দহ বিঘা মাটিৰ মাজতে এই মন্দিৰটো অৱস্থিত৷ নেঘেৰিটিং শিৱদ’ললৈ অগণন ভক্তৰ আগমন হয়৷ ভক্তসকলে এই মন্দিৰত ভক্তি নিবেদন কৰে৷
ফোন : ৯৬৭৮১–৭৯৩৪৬