নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ লাখ শিশুৰ জীৱন ৰক্ষা কৰা অষ্ট্রেলিয়াৰ ৰক্তদাতা হেৰিছনৰ বিয়োগ

নিউজ ডেস্ক, ৩ মাৰ্চঃ মানৱ সেৱাৰ বিৰল নিদর্শন আগবঢ়োৱা অষ্ট্রেলিয়াৰ প্রখ্যাত ৰক্তদাতা জেমছ হেৰিছনৰ ৮৮ বছৰ বয়সত নিউ ছাউথ ৱেলছৰ নার্ছিং হোমত বিয়োগ ঘটিছে৷ হেৰিছনৰ পৰিয়ালে এই শোকবার্তা আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ প্রখ্যাত ৰক্তদাতা জেমছ হেৰিছনৰ মানৱ সেৱাৰ বিৰল নিদর্শন হিচাপে জীৱন্ত কালত প্লাজমা দান কৰি ২৪ লাখ শিশুৰ জীৱন ৰক্ষা কৰি থৈ গৈছে৷ অষ্ট্রেলিয়াৰ ‘সোণালী বাহু’ হিচাপে পৰিচিত হেৰিছনৰ ৰক্তত দুষ্প্রাপ্য এণ্টিবডী আছিল৷ এণ্টি ডি হিচাপে পৰিচিত এই ৰক্ত গর্ভৱতী মহিলাক প্রদান কৰা হৈছিল৷ গর্ভত থকা শিশুৰ ৰক্তত যাতে কোনো সংক্রমণ হ’ব নোৱাৰে, তাৰ বাবে জেমছ হেৰিছনৰ ৰক্ত ব্যৱহাৰ কৰা হৈছিল৷ অষ্ট্রেলিয়ান ৰেডক্রছ ব্লাড ছার্ভিচে ৰক্তদাতা হেৰিছনৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি মহান ব্যক্তিগৰাকীক সোঁৱৰণ কৰে৷ উল্লেখ্য যে ১৪ বছৰ বয়সতে এক গুৰুতৰ বুকুৰ অস্ত্রোপচাৰৰ সন্মুখীন হোৱা জেমছ হেৰিছনে ইয়াৰ পাছৰে পৰা মানৱ সেৱা ৰক্তদাতা হিচাপে নিজকে উৎসর্গিত কৰে৷ ১৮ বছৰ বয়সত ব্লাড প্লাজমা দান কৰিবলৈ আৰম্ভ কৰা হেৰিছনে ৮১ বছৰ বয়সলৈকে প্রতি দুসপ্তাহৰ মূৰে মূৰে প্লাজমা দান কৰিছিল৷ ২০০৫ চনত হেৰিছন বিশ্বৰ সবাতোকৈ বেছি ব্লাড প্লাজমা দান কৰা ব্যক্তি হিচাপে অভিলেখ গঢ়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ এজন ব্যক্তিয়ে পাছলৈ ২০২২ চনত হেৰিছনৰ অভিলেখ ভংগ কৰে৷ হেৰিছনৰ বিয়োগত শোক প্রকাশ কৰি তেওঁৰ কন্যা ট্রেচী মেল’শ্বিপে কয় যে তেওঁৰ পিতৃয়ে বহুতৰ জীৱন বিনামূলীয়া কিম্বা কোনো যন্ত্রণা নোহোৱাকৈ ৰক্ষা কৰাৰ বাবে তেওঁলোক গৌৰৱান্বিত৷ লক্ষণীয় যে হেৰিছনৰ কন্যা মেল’শ্বিপ আৰু দুই নাতিও হেৰিছনৰ পৰা এণ্টি ডি লৈছিল৷ অষ্ট্রেলিয়ান ৰেডক্রছ ব্লাড ছার্ভিচ, যাক লাইফব্লাড হিচাপে জনাজাত, সেই সংস্থাটোৰ সৈতে জড়িত হৈ থাকি হেৰিছনে অষ্ট্রেলিয়াৰ শিশুৰ জীৱন ৰক্ষাত নিজকে উৎসর্গিত কৰে৷

You might also like