গুজৰাটৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ বনতাৰা পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ
নিউজ ডেস্ক, ৪ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ, বনতাৰা উদ্বোধন কৰে। বনতাৰাত দুহেজাৰৰো অধিক প্ৰজাতিৰ প্ৰাণী আৰু ডেৰ লাখৰো অধিক উদ্ধাৰ হোৱা বিলুপ্তপ্ৰায় আৰু ভাবুকি কঢ়িয়াই অনা প্ৰাণী আছে। প্ৰধানমন্ত্ৰী মোদীয়ে বনতাৰাত কটোৱা সময়খিনিৰ ভিডিঅ’ পোহৰলৈ আহিছে। বনতাৰাত প্ৰধানমন্ত্ৰী মোদীক এছিয়াটিক সিংহ, বগা সিংহ, ডাৱৰীয়া নাহৰফুটুকী, কেৰাকল আৰু অন্যান্য প্ৰজাতিৰ প্ৰাণীৰ পোৱালিৰ সৈতে খেলা দেখা গৈছিল। সিংহৰ পোৱালিবোৰকো খুৱাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে খুৱাই দিয়া বগা সিংহৰ পোৱালিটোৰ জন্ম হৈছিল বনতাৰাত। মাকক উদ্ধাৰ কৰি বনতাৰালৈ অনা হয়।
মার্ক জুকাৰবার্গৰ পুৰণি হুডী ১৩.১০ লাখ টকাত নিলাম
প্ৰধানমন্ত্ৰী মোদীয়ে বনতাৰাত অৱস্থিত বন্যপ্ৰাণী চিকিৎসালয়খন পৰিদৰ্শন কৰি তাত বন্যপ্ৰাণীৰ চিকিৎসাৰ ব্যৱস্থাৰ বুজ লয়। ইয়াত জীৱ-জন্তুৰ বাবে এম আৰ আই, চি টি স্কেন, আই চি ইউ আদিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে এনাস্থেচিয়া, কাৰ্ডিঅ’লজি, নেফ্ৰ’লজী, এণ্ড’স্কপি আৰু দন্ত চিকিৎসাকে ধৰি প্ৰায় প্ৰতিটো বিভাগ আছে। চিকিৎসালয়খনৰ এম আৰ আই কক্ষও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াত এছিয়াটিক সিংহৰ এম আৰ আই কৰা হৈছিল। অপাৰেচন থিয়েটাৰলৈও গৈছিল। ইয়াত এটা নাহৰফুটুকীৰ অস্ত্ৰোপচাৰ চলি আছিল। পিছত প্ৰধানমন্ত্ৰী মোদীয়ে জীৱ-জন্তুৰ মাজত থকা বনতাৰালৈও যায়। এই সময়ছোৱাত জীৱ-জন্তুবোৰক আদৰ কৰা হৈছিল। গৈ সিংহ আৰু নাহৰফুটুকীৰ ওচৰত বহিল। পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ধীৰুভাই আম্বানী ৰিচাৰ্চ লেবো পৰিদৰ্শন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে গঁড় আৰু জিৰাফক ফল খুৱাইছিল। ইয়াৰ পিছত তেওঁ চৰাই ৱাৰ্ড চায়।
👉 মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে।