দেশৰ স্বার্থত অৱসৰৰ সিদ্ধান্ত সলনি সুনীল চেত্রীৰ
🔹 কিংবদন্তি ফুটবলাৰৰ প্রত্যাৱর্তনে আনন্দিত কৰিছে অনুৰাগীক
নিউজ ডেস্ক, ৮ মার্চ : অৱসৰ ঘোষণা কৰাৰ পাছত ক্রীড়াক্ষেত্রত পুনৰ প্রত্যাৱর্তন কৰাৰ বহু উদাহৰণ আছে৷ ইয়াৰ মাজতে ভাৰতীয় কিংবদন্তি ফুটবলাৰৰ প্রত্যাৱর্তনে আনন্দিত কৰিছে অনুৰাগীক৷ অৱসৰৰ পৰা উভতি অহাৰ কথা ঘোষণা কৰিছে ভাৰতৰ সর্বশ্রেষ্ঠ ফুটবল খেলুৱৈ তথা ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়ক সুনীল চেত্রীয়ে৷ ভাৰতীয় ফুটবল দলটোক যোগ্যতা অর্জনত সহায় কৰিবলৈ চেত্রীয়ে লৈছে এই ডাঙৰ সিদ্ধান্ত৷ ভাৰতীয় ফুটবল সন্থাই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰি কয় যে মার্চত অনুষ্ঠিত হ’বলগীয়া খেলৰ বাবে খেলপথাৰলৈ ঘূৰি আহিব সুনীল চেত্রী৷ সুনীল চেত্রীয়ে যোৱা বছৰত আন্তঃৰাষ্ট্রীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল৷ ৪০ বছৰ সম্পূর্ণ কৰা চেত্রীয়ে ২০২৪ চনৰ ৬ জুনত কুৱেহটৰ বিৰুদ্ধে অন্তিমখন খেল খেলিছিল৷ বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰ মেচখনত পৰাস্ত হোৱাৰ পাছত চেত্রীয়ে চকুলোৰে সৈতে আন্তঃৰাষ্ট্রীয় ফুটবলক বিদায় জনাইছিল৷ এতিয়া ২৭৩ দিনৰ মূৰত আকৌ এবাৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে ভাৰতীয় জার্ছী পিন্ধাৰ সিদ্ধান্ত লৈছে৷ ২০২৭ চনৰ এএফচি এছিয়ান কাপৰ কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ’ব৷ চলিত মাহৰ শেষৰ ফালে আছে টীম ইণ্ডিয়াৰ এখন গুৰুত্বপূর্ণ মেচ৷ ২৫ মার্চত মেঘালয়ৰ ৰাজধানী শ্বিলঙত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব এই মেচখন৷ এই মেচখনৰ গুৰুত্ব বিবেচনা কৰি চেত্রীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ চেত্রীয়ে আন্তঃৰাষ্ট্রীয় ফুটবলত ৯৪টা গ’ল দিছে, যিটো ভাৰতৰ বাবে সর্বাধিক গ’ল৷ আনহাতে, তেওঁ বিশ্ব ফুটবলত চতুর্থ স্থানত আছে৷ ইপিনে, সুনীল চেত্রীয়ে প্রথমবাৰৰ বাবে নতুন প্রশিক্ষক মানোলো মার্কেজৰ দলত খেলা দেখা যাব৷ যোৱা বছৰ চেত্রীয়ে অৱসৰ লোৱাৰ পাছতহে মার্কেজক ভাৰতীয় দলৰ নতুন প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল৷ চেত্রী ঘূৰি অহাৰ এটা ডাঙৰ কাৰণ হ’ল তেওঁৰ বর্তমানৰ প্রদর্শন৷ আন্তঃৰাষ্ট্রীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পাছতো চেত্রীয়ে নিজৰ ক্লাব বেংগালুৰু এফচিৰ হৈ অবিৰতভাৱে খেলি আছে৷ আইএছএলৰ চলিত ছিজনত বেংগালুৰুৰ হৈ চেত্রীয়ে এতিয়ালৈকে ১২টা গ’ল কৰিছে, য’ত কেৰালা ব্লাষ্টার্ছৰ বিৰুদ্ধে হেটট্ৰিক অর্জন কৰিছিল৷ এনে পৰিস্থিতিত এই পদক্ষেপ গ্রহণ কৰি ফুটবলাৰগৰাকীৰ ফর্মৰ সুবিধা ল’বলৈ বিচাৰিছে মার্কেজ আৰু ভাৰতীয় ফুটবল সন্থাই৷ ইফালে, এই পদক্ষেপত সন্মতি প্রকাশ কৰিছে চেত্রীয়ে৷