নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰিকল তেলৰ কুৰিটা গুণ

নাৰিকল তেলে এলঝেইমাৰ প্রতিৰোধ কৰাত সহায় কৰে৷
পৰিপুষ্টি বিজ্ঞানত প্রমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হূদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্রণত থাকে৷
নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্রমতা প্রতিৰোধ হয়৷
আর্থ্রাইটিছ ৰোগৰ বাবেও নাৰিকল তেল অতি উত্তম৷
কেঞ্চাৰ ৰোগীসকলেও নাৰিকল তেল নিয়মীয়াকৈ খাব পাৰে৷
নাৰিকল তেলে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
নাৰিকল তেলে মানৱ দেহৰ মগজুৰ কার্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিতো প্রভাৱ পেলায়৷
নিয়মীয়াকৈ নাৰিকল তেল গ্রহণ কৰাসকলৰ শাৰীৰিক ক্ষমতা অন্য লোকৰ তুলনাত বেছি৷
নাৰিকল তেলে খাদ্য হজম কৰাৰ ক্ষমতা বঢ়ায় আৰু কলাইটিছ ৰোগৰ সম্ভাৱনা কমায়৷
নাৰিকল তেলে গলব্লাডাৰ আৰু প্রেংক্রাইটিছ ৰোগ প্রতিৰোধ কৰাত সহায় কৰে৷
নিয়মীয়াকৈ নাৰিকল তেল শৰীৰত লগালে ছাল মসৃণ হয়৷
নাৰিকল তেল খোৱাসকলৰ দাঁতৰ ৰোগ কম হয় আৰু দাঁতৰ আলু সুস্থ হৈ থাকে৷
অষ্টি’পৰ’ছিছ ৰোগ প্রতিৰোধ কৰাত নাৰিকল তেলে সহায় কৰে৷
ডায়েবেটিছ–২ ৰোগীসকলৰ বাবেও নাৰিকল তেল উপযোগী৷
নাৰিকল তেলে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷
নিয়মীয়াকৈ নাৰিকল তেলেৰে মালিচ কৰিলে শৰীৰৰ পেশী সবল হোৱাৰ লগতে চর্বি হ্রাস হয়৷
চুলিৰ বাবেও নাৰিকল তেল অতি উত্তম৷
নাৰিকল তেল এণ্টি এজিং৷
শৰীৰৰ বহু ৰোগ প্রতিৰোধত নাৰিকল তেলে সহায় কৰে৷
নাৰিকল তেলে হৰমনৰ সমতা ৰক্ষা কৰে বাবে ছালৰ ৰোগ প্রতিৰোধত সহায়ক হয়৷

You might also like