১৬ মার্চত পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা–উইলমোৰ
নিউজ ডেস্ক, ১১ মাৰ্চঃ অপেক্ষাৰ অন্ত পৰি আহিছে৷ ৯ মহীয়া অপেক্ষাৰ শীঘ্রে অৱসান ঘটিব৷ অৱশেষত পৃথিৱীলৈ ওভতাৰ বাবে সাজু হৈছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰ৷ সাংবাদিক সন্মিলনত সুনীতা আৰু উইলমোৰক ওভতাই অনাৰ তাৰিখ ঘোষণা কৰিছে মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই৷ কেনেদৰে কোন মহাকাশযানেৰে সুনীতা আৰু উইলমোৰ পৃথিৱীলৈ উভতিব, সেই সম্পর্কত সবিশেষ তথ্য সদৰী কৰিছে মহাকাশ গৱেষণা সংস্থাটোৰ শীর্ষ বিষয়ববীয়াই৷ নাছাই উল্লেখ কৰা অনুসৰি, চলিত মাহতে পৃথিৱীলৈ উভতিব দুয়োগৰাকী মহাকাশচাৰী৷ প্রথমতে নাছাৰ তৰফৰ পৰা ১৯ মার্চৰ দিনটো দুয়োগৰাকী মহাকাশচাৰীক ওভতাই অনাৰ বাবে বাছি লোৱা হৈছিল যদিও সেইদিন আগুৱাই অনা হৈছে৷ পৰিৱর্তিত পৰিস্থিতিত আগন্তুক ১৬ মার্চত দুয়োগৰাকী মহাকাশচাৰীক ওভতাই অনাৰ সিদ্ধান্ত লৈছে নাছাই৷ নাছাৰ আইএছএছ প্রগ্রেম মেনেজাৰ ডানা ৱেইগেলে এই কথা সদৰী কৰিছে সাংবাদিক সন্মিলনত৷ যোৱা মাহত সুনীতা আৰু উইলমোৰক ওভতোৱাৰ বাবে নির্ধাৰিত মহাকাশযান ‘কিউ–১০’ৰ উৎক্ষেপণৰ দিন সদৰী কৰিছিল সংস্থাটোৱে৷ জনোৱা হৈছিল যে ১২ মার্চত সুনীতা উইলিয়ামক পৃথিৱীলৈ অনাৰ বাবে মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব যানখন৷