নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল নে অক্ষৰ : DCৰ অধিনায়কৰ দৌৰত কোন?

নিউজ ডেস্ক, ১১ মাৰ্চঃ আই পি এল ২০২৫ত দিল্লী কেপিটেলছৰ নতুন অধিনায়ক সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট। এতিয়ালৈকে দিল্লী একমাত্ৰ দল যিয়ে নিজৰ অধিনায়ক নিযুক্তি দিয়া নাই। শেহতীয়াকৈ খবৰ আহিছিল যে দিল্লী দলৰ কমাণ্ড কে এল ৰাহুল বা অক্ষৰ পেটেলক দিয়া হ’ব। এতিয়া সংবাদ মাধ্যমৰ খবৰ অনুসৰি আই পি এল ২০২৫ত অল ৰাউণ্ডাৰ অক্ষৰ পেটেলে ডি চিৰ অধিনায়কত্ব কৰিবলৈ ওলাইছে। পেটেলে আই পি এলৰ কেইখনমান মেচত অধিনায়কত্ব কৰিছিল যদিও গোটেই ছিজনটো কেতিয়াও কোনো দলৰ অধিনায়কত্ব কৰা নাই। সংবাদ সংস্থা আইএনএছৰ মতে, অক্ষৰ পেটেলক অতি সোনকালে দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে। আইএনএছৰ উদ্ধৃতিৰে প্ৰকাশ কৰা সূত্ৰৰ পৰা জানিব পৰা মতে কে এল ৰাহুলক অধিনায়কত্বৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছে। সূত্ৰই জনোৱা মতে, আই পি এল ২০২৫ৰ বাবে অক্ষৰ পেটেলক দিল্লী কেপিটেলছৰ অধিনায়ক নিযুক্তি দিব পাৰে। ফ্ৰেঞ্চাইজিয়ে কে এল ৰাহুলক অধিনায়কত্বৰ বিষয়ে সুধিছিল যদিও আগন্তুক প্ৰতিযোগিতাত অধিনায়ক হিচাপে নহয়, খেলুৱৈ হিচাপে দিল্লীৰ প্ৰদৰ্শনত অৰিহণা যোগাব বিচাৰে। আই পি এলত ২টা দলৰ অধিনায়কত্বৰ অভিজ্ঞতা আছে কে এল ৰাহুলৰ। ২০২০ আৰু ২০২১ চনত তেওঁ পঞ্জাব কিংছৰ অধিনায়কত্ব কৰিছিল যদিও দুয়োটা ছিজনতে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত পঞ্জাবে সন্তুষ্ট হ’বলগীয়া হৈছিল। একে সময়তে ২০২২-২০২৪ বৰ্ষৰ পৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ দায়িত্ব লোৱাৰ লগতে দলটোক দুবাৰকৈ প্লে অফলৈও নেতৃত্ব দিয়ে। বৰ্তমান ভাৰতৰ টি-২০ দলৰ উপ-অধিনায়ক হিচাপেও অক্ষৰ পেটেল আছে। ২০২৪ চনৰ আই পি এলত তেওঁক দিল্লী কেপিটেলছৰ অধিনায়কত্ব কৰা দেখা গৈছিল। যোৱা ছিজনত ঋষভ পণ্টে স্লো অভাৰ ৰেটৰ বাবে মেচৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ সময়ত তেওঁ দিল্লীৰ অধিনায়ক হৈছিল। ১৫০খন খেলৰ আই পি এল কেৰিয়াৰত অক্ষৰে এই পৰ্যন্ত ১৬৫৩ ৰান সংগ্ৰহ কৰি ১২৩টা উইকেট দখল কৰিছে।

You might also like