নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩০ চনত ভাগ ল’ব ৬৪টা দলে

🔹 বিশ্বকাপ ফুটবলৰ ১০০ বছৰ

নিউজ ডেস্ক, ১৬ মার্চ : ১৯৩০ চনৰ পৰা আৰম্ভ হৈছিল ফিফা ফুটবল বিশ্বকাপ৷ ২০৩০ চনত প্রতিযোগিতাখনৰ শতবর্ষ উদযাপন কৰা হ’ব৷ সেইবাবেই ফিফাই উক্ত বছৰৰ বিশ্বকাপ বিশেষ ধৰণে উদযাপন কৰিব বিচাৰিছে৷ ২০৩০ চনৰ বিশ্বকাপ ৬৪টা দলৰ মাজত আয়োজন কৰাৰ প্রস্তাৱ কৰা হৈছে৷ অৱশ্যে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷ ২০৩০ চনৰ বিশ্বকাপৰ আয়োজক মৰক্কো, স্পেইন আৰু পর্তুগাল৷ ইয়াৰ উপৰি আর্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেতো খেল অনুষ্ঠিত হ’ব৷ ১৯৩০ চনত উৰুগুৱেই বিশ্বকাপ আয়োজন কৰিছিল৷ পাৰাগুৱেই প্রথম বিশ্বকাপতো খেলিছিল৷ এই তিনিখন দেশে ২০৩০ চনৰ বিশ্বকাপত এখন এখনকৈ খেল আয়োজন কৰিব৷ ইয়াৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে৷ ফুটবল বিশ্বকাপত সাধাৰণতে ৩২খন দেশে অংশগ্রহণ কৰে৷ ২০২৬ চনৰ বিশ্বকাপত ৪৮খন দেশে অংশগ্রহণ কৰিব৷ আয়োজক আমেৰিকা, মেক্সিকো আৰু কানাডা৷ ফিফাৰ এজন বিষয়াই কয় যে বিশ্বকাপৰ ১০০ বছৰত ৬৪খন দেশৰ সৈতে বিশ্বকাপ আয়োজন কৰাৰ প্রস্তাৱ দিয়া হৈছে৷ ৫ মার্চত অনুষ্ঠিত বৈঠকত এই প্রস্তাৱ দিয়া হৈছিল৷ যদিও এইটো হ’ব নে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ব্রিটিছ বেণ্ড কল্ডপ্লেই ২০২৬ চনৰ বিশ্বকাপত কণ্ঠদান কৰিব পাৰে৷ কিছুদিন পূর্বে ভাৰততো বেণ্ডটোৱে অনুষ্ঠান পৰিৱেশন কৰিছিল৷ ফিফাই কল্ডপ্লেৰ সৈতে কথা পাতিছে৷

You might also like