নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১১৮

নিউজ ডেস্ক, ২১ মাৰ্চঃ বিশ্বৰ সুখী দেশৰ তালিকাত একেৰাহে অষ্টমবাৰলৈ স্থান লাভ কৰিছে ফিনলেণ্ডে৷ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান এইবাৰ ১১৮৷ যোৱা বছৰ এই তালিকাত ভাৰতৰ স্থান আছিল ১২৪৷ লক্ষণীয়ভাৱে প্রতিৱেশী পাকিস্তানৰ স্থান ভাৰততকৈ আগত আছে৷ পাকিস্তান এই তালিকাত ১০৯ স্থানত থকাৰ বিপৰীতে শ্রীলংকা আৰু বাংলাদেশ আছে ক্রমে ১৩৩ আৰু ১৩৪ স্থানত৷ এই তালিকাত চীন বহু আগবাঢ়িছে৷

আশাপ্ৰদ… চাকৰি এৰি ব্যৱসায়মুখী চৰকাৰী চাকৰিৰ আশা ত্যাগ 📌 কম্পিউটাৰ শিক্ষয়িত্ৰীৰ চাকৰি এৰি ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বন পথ ঢেকীয়াজুলিৰ পল্লৱী শইকীয়া

এই তালিকাত চীনৰ স্থান ৬৮৷ তাৎপর্যপূর্ণভাৱে হিংসা–সংঘর্ষত জর্জৰিত ইউক্রেইন, মোজাম্বিক, ইৰাক, ইৰান, কংগো, উগাণ্ডা, পেলেষ্টাইন আদি দেশ এই তালিকাত ভাৰততকৈ আগত আছে৷ ১৬৭খন দেশক লৈ চলোৱা সমীক্ষাত তালিকাৰ শেষত থকা দেশ হৈছে আফগানিস্তান৷ স্মর্তব্য যে প্রতিবছৰে ২০ মার্চ দিনটো ‘আন্তর্জাতিক সুখ দিৱস’ হিচাপে পালন কৰা হয়৷ বিশ্বৰ সুখসূচক প্রকাশ কৰিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ‘ৱেলবিয়িং ৰিছার্চ চেণ্টাৰ’ৰ বিশেষজ্ঞসকলে৷ তালিকাত বিশ্বৰ আটাইতকৈ সুখী দেশৰ ভিতৰত ফিনলেণ্ডৰ পিছত আছে ডেনমার্ক আৰু আইচলেণ্ড৷

You might also like