নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে ন্যায়ালয়ত ৰুজু হোৱা গোচৰ সন্দর্ভত ১২৯ পৃষ্ঠাজোৰা শপতনামা দাখিল কৰিছে কেন্দ্রীয় চৰকাৰে ৷ আইনখনৰ সাংবিধানিক বৈধতাৰ প্রশ্ন তুলি দাখিল কৰা শতাধিক আবেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰত শপতনামাযোগে কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে যে ‘কা’ই কোনোপ্রকাৰে মৌলিক অধিকাৰ খর্ব নকৰে ৷ গৃহ মন্ত্রালয়ৰ সঞ্চালক বি চি যোশীয়ে দাখিল কৰা শপতনামাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে ‘কা’ক বৈধ বুলি অভিহিত কৰিছে ৷ লগতে কেন্দ্রীয় চৰকাৰে এইবুলিও উল্লেখ কৰিছে যে সাংবিধানিক নৈতিকতা উলংঘা কৰাৰ কোনো প্রশ্নই উত্থাপন হ’ব নোৱাৰে ৷
উল্লেখ্য যে ‘কা’ৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধর্মীয় নির্যাতনৰ বলি হৈ অহা ধর্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ দুয়োখন সদনত গৃহীত হোৱাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়কত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে স্বাক্ষৰ কৰাৰ লগে লগে আইনত পৰিণত হৈছিল ৷ এই আইনখন বলৱৎ কৰাৰ পিছতে দেশজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল ৷ দেশৰ ৰাজধানী দিল্লীকে ধৰি বিভিন্ন প্রান্তত ‘কা’ৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ সাব্যস্ত কৰা হয় ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত ‘কা’ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল দল–সংগঠন তথা সাধাৰণ ৰাইজ ৷ অসম চুক্তি ভংগ কৰা এই আইন কোনোপধ্যে গ্রহণ কৰা নহয় বুলি ৰাজ্য তথা কেন্দ্রীয় চৰকাৰক সকীয়াই দিছিল সদৌ অসম ছাত্র সন্থা (আছু)–এ ৷ ৰাজ্যবাসীৰ প্রতিবাদ নেওচি নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আছু ৷
তদুপৰি ৰাজ্যৰ কেইবাটাও দল–সংগঠন, কংগ্রেছ, আইইউএমএল, জমিয়ত উলেমা–ই–হিন্দ, চিপিআই, ৰিষ্টার্ট মঞ্চ নামৰ বেচৰকাৰী সংস্থাকে ধৰি বহু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল ৷ আবেদনকাৰীসকলে আইনখন বলৱৎকৰণত তাৎক্ষণিকভাৱে স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ত প্রার্থনা জনাইছিল ৷ বিগত ১৮ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে আবেদনসমূহৰ ভিত্তিত ‘কা’ৰ সাংবিধানিক ভিত্তি সন্দর্ভত শুনানি গ্রহণ কৰিবলৈ মান্তি হয় ৷ অৱশ্যে আবেদনসমূহৰ শুনানিক লৈ আইনখন বলৱতৰ ক্ষেত্রত স্থগিতাদেশ জাৰি কৰিবলৈ অমান্তি প্রকাশ কৰে উচ্চতম ন্যায়ালয়ে ৷ অৱশ্যে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ সন্দর্ভত কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰি শপতনামা দাখিলৰ নির্দেশ দিয়ে ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে উচ্চতম ন্যায়ালয়ত আবেদনৰ জৰিয়তে দল–সংগঠন তথা ব্যক্তিসকলে উল্লেখ কৰিছিল যে ‘কা’ই সংবিধানপ্রদত্ত সম–মর্যাদাৰ মৌলিক অধিকাৰ ভংগ কৰিছে ৷