🔹 ৬ শতাংশ ৰেপ’ ৰেট হ্রাস ৰিজার্ভ বেংকৰ
নিউজ ডেস্ক, ১০ এপ্রিল : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক বোমাই দেশৰ আভ্যন্তৰীণ আর্থিক বিকাশত প্রভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে৷ এনে সময়তে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই কালি ২৫ বেছিক পইণ্টৰ ভিত্তিত ৰেপ’ ৰেট ৬ শতাশলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আৰবিআইৰ এই সিদ্ধান্তত গৃহ আৰু যান–বাহন ঋণ গৃহীতই সকাহ লাভ কৰিব৷ আৰবিআইৰ নতুন গৱর্নৰ সঞ্জয় মালহোত্রাই দায়িত্বভাৰ গ্রহণ কৰাৰ পিছতে মুদ্রানীতিক লৈ দ্বিতীয়বাৰৰ বাবে ৰেপ’ ৰেট হ্রাস কৰিলে৷ গৱর্নৰ মালহোত্রাৰ অধ্যক্ষতাত অনুষ্ঠিত মুদ্রানীতি কমিটী, চমুকৈ এমপিচিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৬জনীয়া মুদ্রানীতি কমিটীয়ে সর্বসন্মতক্রমে ২৫ বেছিছ পইণ্টৰ ভিত্তিত ৰেপ’ ৰেট ৬.২৫ শতাংশৰ পৰা ৬ শতাংশলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ গৱর্নৰ মালহোত্রাই কয় যে কেন্দ্রীয় বেংকটোৱে জিডিপি বিকাশৰ হাৰ আন্তর্জাতিক অনিশ্চয়তাৰ প্রতি লক্ষ্য ৰাখি পূর্বে ধাৰণা কৰা জিডিপি ৬.৭ শতাংশৰ বিপৰীতে ৬.৫ শতাংশ বিকাশৰ হাৰৰ সম্ভাৱনা ব্যক্ত কৰিছে৷