নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰিয়ান যোগ্য বাবে অধিনায়ক পদ দিয়া হৈছিল’

🔹 আইপিএলৰ প্রথম পাঁচখন মেচৰ তিনিখনত পৰাস্ত ৰাজস্থান

নিউজ ডেস্ক, ১৩ এপ্রিল : ৰাজস্থান ৰয়েলছে চলিত আইপিএলৰ প্রথম পাঁচখন মেচৰ তিনিখনত পৰাস্ত হোৱাৰ পাছত দলত অভিজ্ঞ ক্রিকেটাৰৰ অভাৱ তথা নৱাগত খেলুৱৈৰ ওপৰত অত্যধিক বিশ্বাস ৰখা বিষয়টোৱে চর্চা লাভ কৰিছে৷ এই অভিযোগ খণ্ডন কৰি দলৰ অধিনায়ক সঞ্জু ছেমছনে কয়- ‘আমাৰ দলটো যুৱ খেলুৱৈৰে গঠিত বুলি যি চর্চা ক্রিকেট মহলত হৈছে, সেয়া বাস্তৱত ভিত্তিহীন৷ হয়। বয়সৰ ফালৰ পৰা চাব গ’লে দলটো নৱাগত৷ কিন্তু প্রতিজনে আন্তর্জাতিক ক্রিকেট খেলা, লগতে আইপিএলৰো অভিজ্ঞ খেলুৱৈ৷ সফলতাই এনে সমালোচনাক উচিত উত্তৰ দিব৷’ উল্লেখ্য যে আইপিএলৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে আৰচিবিৰ বিৰুদ্ধে খেলিব৷ জয়পুৰৰ উইকেট আৰু পৰিৱেশ আৰআৰ দলৰ বাবে সুপৰিচিত হোৱাত ঘৰত দলে ইতিবাচক ফলাফল লাভ কৰিব বুলিও অধিনায়কজনে সংবাদ মেলত আত্মবিশ্বাসৰে কয়৷ ইফালে, দলৰ প্রতিজন খেলুৱৈ সুস্থ থকা বুলি ব্যক্ত কৰি ছেমছনে মূল একাদশ বাছনিৰ বাবে সকলো বিকল্প মুকলি ৰখাৰ কথাও ব্যক্ত কৰে৷ ছিজনৰ প্রথম তিনিখন মেচত তেওঁৰ অনুপস্থিতিত ৰিয়ান পৰাগে দলক দক্ষতাৰে নেতৃত্ব দিয়াৰ কথাও সংবাদ মেলত ছেমছনে কয়৷ ‘ৰিয়ান অধিনায়ক হিচাপে যোগ্য কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিল৷ টীম মিটিঙত ৰিয়ানৰ পৰামর্শ সদায়ে গ্রহণ কৰা হৈছিল৷ এইবাৰ তেওঁ খেলপথাৰতো নেতৃত্ব দিয়াৰ পাৰদর্শিতা দেখুৱাইছে৷’- সঞ্জুই ব্যক্ত কৰে৷

You might also like