নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও পাবলগীয়া ধন দিয়া নাই : গিলেস্পি

🔹 পাকিস্তান ক্রিকেট ব’ৰ্ডৰ বিৰুদ্ধে অভিযোগ

নিউজ ডেস্ক, ২২ এপ্রিল : আন এক বিতর্কত নাম সাঙোৰ খাই পৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ৷ এতিয়াও ধন পাবলৈ বাকী আছে বুলি পিচিবিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পাক দলটোৰ প্রাক্তন প্রশিক্ষক জেছন গিলেস্পিয়ে৷ অৱশ্যে গিলেস্পিৰ অভিযোগক গুৰুত্ব দিয়া নাই পিচিবিৰ বিষয়াসকলে৷ তেওঁলোকে কয় যে অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে পিচিবিৰ পৰা কোনোধৰণৰ ধন পাবলগীয়া নাই৷ এক সাক্ষাৎকাৰত গিলেস্পিয়ে কয় যে পিচিবিৰ পৰা তেওঁ পাবলগীয়া ধন এতিয়াও লাভ কৰা নাই৷ এতিয়াও অপেক্ষা কৰি আছে৷ ‘মোৰ প্রাপ্য ধনৰ এটা অংশ এতিয়াও পাবলৈ বাকী আছোঁ৷ আশা কৰোঁ, বিষয়টো সোনকালে সমাধান হ’ব৷’ অৱশ্যে পিচিবিৰ পৰা কিমান টকা লাভ কৰিবলৈ বাকী, সেই কথা উল্লেখ কৰা নাই গিলেস্পিয়ে৷ অৱশ্যে অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীৰ এই দাবীক পিচিবিৰ বিষয়াসকলে খাৰিজ কৰিছে৷ পিচিবিয়ে এক বিবৃতিত কয় যে পাকিস্তান ক্রিকেট ব’র্ডে প্রাক্তন প্রশিক্ষকৰ দাবী নাকচ কৰিছে৷ কাৰণ, চুক্তি অনুসৰি চাৰি মাহৰ আগতে জাননী নিদিয়াকৈ হঠাতে পদ এৰিলে৷ যিটো স্পষ্ট একপক্ষীয় চুক্তি ভংগ৷ চুক্তিখনত স্পষ্টকৈ উল্লেখ আছিল যে পদত্যাগ বা অপসাৰণৰ ক্ষেত্রত দুয়োপক্ষই চাৰি মাহৰ পূর্বে জাননী দিব লাগিব৷ প্রশিক্ষকেও এই কথা জানিছিল৷ পিচিবিয়ে দাবী কৰিছে যে চুক্তি অনুসৰি গিলেস্পিক পাবলগীয়া ধন দিয়া হৈছে৷

You might also like