ত্ৰস্তমান পাকিস্তান, PoK-ত দুমাহৰ বাবে খাদ্য মজুতৰ নিৰ্দেশ
এতিয়া পাক অধিকৃত কাশ্মীৰ (POK) ভাৰতলৈ ঘূৰাই অনাৰ সময় আহি পৰিছে
নিউজ ডেস্ক, ১ মে’ : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ পৰিৱেশ চলি আছে। সাধাৰণ মানুহৰ পৰা ৰাজনীতিবিদলৈকে সকলোৱে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সমগ্ৰ দেশে সৰ্বসন্মতিক্ৰমে ভাৰত চৰকাৰক অনুৰোধ কৰিছে যে এতিয়া পাক অধিকৃত কাশ্মীৰ (POK) ভাৰতলৈ ঘূৰাই অনাৰ সময় আহি পৰিছে।
ভাৰত চৰকাৰে লোৱা কঠোৰ সিদ্ধান্তক লৈ আতংকিত হৈ পৰিছে পাকিস্তান। ইফালে, পাক অধিকৃত কাশ্মীৰত সীমান্তৰ সমীপত বসবাস কৰা লোকসকলক দুমাহৰ বাবে খাদ্য সামগ্ৰী মজুত কৰিবলৈ আহ্বান জনাইছে স্থানীয় প্ৰশাসনে। সংবাদ সংস্থা এ এফ পিৰ প্ৰতিবেদন অনুসৰি, পাক অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে বিধানসভাত কয় যে ১৩টা সমষ্টিত দুমাহৰ বাবে খাদ্য সামগ্ৰী মজুত কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।
এই ১৩টা সমষ্টিত খাদ্য, ঔষধ আৰু অন্যান্য সকলো প্ৰাথমিক সামগ্ৰী যোগান ধৰিবলৈ এক বিলিয়ন টকাৰ জৰুৰীকালীন পুঁজিও সৃষ্টি কৰা হৈছে। তেওঁ কয় যে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহৰ পথসমূহৰ ৰক্ষণাবেক্ষণৰ বাবেও চৰকাৰী আৰু ব্যক্তিগত যন্ত্ৰপাতি নিয়োগ কৰা হৈছে।
শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে ভাৰতে আক্ৰমণৰ বাবে সাজু হোৱাৰ বিশ্বাসযোগ্য প্ৰমাণ তেওঁৰ হাতত আছে। এই আশংকাৰ বাবেই পাক অধিকৃত কাশ্মীৰ কৰ্তৃপক্ষই ১০ দিনৰ বাবে ১০০০ৰো অধিক ধৰ্মীয় বিদ্যালয় বন্ধ কৰি দিছে। ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।এই আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদীৰ লগতে তেওঁলোকৰ আত্মগোপন স্থান ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিছে।