নিউজ ডেস্ক, ৪ মে’ : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু-ৰ চলিত আইপিএলৰ প্লে-অফত প্রৱেশ প্রায় নিশ্চিত হৈ পৰিছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ঘৰুৱা দল বেংগালুৰুৱে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক মাত্র দুই ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি আৰচিবিয়ে ১১খন মেচৰ পৰা ১৬ পইণ্ট অর্জন কৰি পইণ্ট তালিকাৰ শীর্ষ স্থানলৈ উন্নীত হয়৷ বেংগালুৰুৰ এয়া আছিল ক্রমাগত চতুর্থ জয়৷ বিপৰীতে চেন্নাইৰ এয়া আছিল ক্রমাগত চতুর্থ পৰাজয়৷ দলটোৱে ১১খন মেচৰ মাত্র দুখনতে জয়ৰ মুখ দেখিছে৷
কালিৰ মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ২১৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ আয়ুস মাত্রেৰ বিস্ফোৰক ৯৪ আৰু ৰবীন্দ্র জাদেজাৰ অপৰাজিত ৭৭ ৰান সত্ত্বেও চেন্নায়ে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২১১ ৰানহে কৰিবলৈ সক্ষম হয়৷ আয়ুসৰ ৪৮টা বলৰ ইনিংছটোত আছিল ৯টা চাৰি আৰু ৫টা ছয়৷ ইপিনে, ছাইক ৰছিদে ১৪, ছেম কৰনে ৫, দেৱাল্ড ব্রেভিছে ০ আৰু অধিনায়ক ধোনীয়ে ১২ ৰান কৰি পেভিলিয়নমুখী হয়৷
আয়ুস আৰু জাদেজাই তৃতীয় উইকেট ১১৪ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰিছিল যদিও বাকীসকল বেটাৰে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ আৰচিবিৰ হৈ লুংগি এনগিৰিয়ে সর্বাধিক ৩টা উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় জেকব বেথেল আৰু বিৰাট কোহলিৰ লগতে ৰোমাৰিঅ’ শ্বেফার্ডৰ দুর্দান্ত অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি বেথেল আৰু কোহলিয়ে প্রথম উইকেটৰ যুটিত ৯৭ ৰান সংগ্রহ কৰি বেংগালুৰুক দুর্দান্ত আৰম্ভণি দিয়ে৷ বেথেলে ৩৩টা বলত ৫৫ ৰান কৰি আউট হয়৷ ইফালে, ৩৩টা বলত ৫টা চাৰি আৰু সমসংখ্যক ছয়েৰে কোহলিয়ে ৬২ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ দলীয় স্ক’ৰ ১৫৭ ৰানত ৫টাকৈ উইকেট হেৰুৱাই দলটো চাপত পৰিছিল যদিও শ্বেফার্ডে মাত্র ১৪টা বলত অপৰাজিতভাৱে ৫৩ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ শ্বেফার্ডৰ বিস্ফোৰক ইনিংছটোত আছিল ৪টা চাৰি আৰু ৬টা ছয়৷ পাড়িকালে ১৭, অধিনায়ক পাটিদাৰে ১১ আৰু জীতেশ শর্মাই মাত্র ৭ ৰান কৰি বিদায় লয়৷ চেন্নাইৰ হৈ মহীশ পাথিৰানাই সর্বাধিক ৩টা উইকেট লাভ কৰে৷