নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত গজৰাজৰ সংগী ৰ বাবে চৰকাৰে গঢ়ি তুলিলে পৃথক গাঁও

হাতীৰ মাউতৰ দীর্ঘদিনীয়া দাবী পূৰণ

তামিলনাডুত গজৰাজৰ সংগী ৰ বাবে চৰকাৰে গঢ়ি তুলিলে পৃথক গাঁও

নিউজ ডেস্ক, ১৯ মে’ : হাতী-মাউতৰ হৃদয়স্পর্শী কাহিনীক লৈ নির্মিত তথ্যচিত্র ‘দ্য এলিফেণ্ট হুইছপার্ছ’–এ ২০২৩ চনত অস্কাৰ বঁটা লাভ কৰিছিল৷ সেই তথ্যচিত্রত দেখিবলৈ পোৱা গৈছিল হাতী পোৱালি ৰঘুৰ সৈতে দুই মাউত বোম্মান আৰু বেলিৰ জীৱনৰ কাহিনী৷ এই তথ্যচিত্রই অস্কাৰ লাভ কৰাৰ পাছত বোম্মান আৰু বেলিয়ে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনক সাক্ষাৎ কৰি মাউতসকলৰ বাবে বাসগৃহ নির্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷ সেই দাবী অৱশেষত পূৰণ হৈছে৷

তামিলনাডু চৰকাৰে মাউতসকলৰ বাবে পৃথকে গঢ়ি তুলিছে এখন গাঁও৷ এই গাঁওখনৰ বাসিন্দাসকল কেৱল মাউত৷ ভাৰতত প্রথমবাৰৰ বাবে মাউতৰ নামত পৃথক গাঁও গঢ়ি তোলা হৈছে৷ তামিলনাডু চৰকাৰৰ এই উদ্যোগক প্রশংসা কৰিছে বিভিন্ন মহলে৷ আনকি আদৰণি জনাইছে ৰাজ্যখনৰ জনসাধাৰণে৷ যোৱা ১৩ মে’ত এই গাঁওখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্রী ষ্টেলিনে৷ মুঠ ৪৪টা বাসগৃহ নির্মাণ কৰা হৈছে গাঁওখনত৷ ৫ কোটি ৬০ লাখ টকা খৰচ কৰি গঢ়ি তোলা হৈছে এই মাউতৰ গাঁও৷

You might also like