নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানলৈ যোৱা মহিলাক বিএছএফক গতালে পাক ৰেঞ্জার্ছে

🔹 আৰক্ষীৰ জেৰাৰ সন্মুখীন নাগপুৰৰ নার্ছ

নিউজ ডেস্ক, ২৭ মে’ : ভাৰত–পাকিস্তানৰ সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি ৷ ইয়াৰ মাজতে নিয়ন্ত্রণৰেখা অতিক্রম কৰি পাকিস্তানলৈ গৈছিল নাগপুৰৰ এগৰাকী মহিলা৷ শনিবাৰে এই মহিলাগৰাকীক বিএছএফৰ হাতত গতাই দিছে পাক ৰেঞ্জার্ছে৷ কালি খবৰটো পোহৰলৈ অহাৰ লগে লগে সৃষ্টি হৈছে চাঞ্চল্য৷ বিভিন্ন প্রশ্ণও উত্থাপন হৈছে এই ঘটনাক লৈ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, নাগপুৰৰ বাসিন্দা ৪৩ বছৰীয়া এই মহিলাগৰাকীৰ নাম সুনীতা জামগাড়ে৷ নাগপুৰৰ এখন হাস্পতালত নার্ছৰ কাম কৰে সুনীতাই৷ শেহতীয়াকৈ অনলাইনত পাকিস্তানী যুৱক এজনৰ সৈতে সুনীতাৰ পৰিচয় হৈছিল৷ যুৱকজনৰ সৈতে দেখা কৰিবলৈ সুনীতাই পাকিস্তানলৈ গৈছিল৷ কিন্তু নিয়ন্ত্রণৰেখা অতিক্রম কৰাৰ পিছতে পাক ৰেঞ্জার্ছে গ্রেপ্তাৰ কৰে সুনীতাক৷ উল্লেখনীয় যে নিশাৰ অন্ধকাৰত কার্গিলৰ হাণ্ডেৰমান গাঁৱৰ সমীপৰ নিয়ন্ত্রণৰেখা অতিক্রম কৰি পাকিস্তানত উপস্থিত হৈছিল সুনীতাই৷ যোৱাৰ সময়ত গাঁৱৰ এক অতিথিশালাত ৰাখি থৈ গৈছিল নিজৰ পুত্রক৷ এই ঘটনা সন্দর্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ সুনীতাক জেৰা কৰি আছে আৰক্ষীয়ে৷

You might also like