আইপিএলৰ ফাইনেল -ত আজি আৰচিবি–পঞ্জাব কিংছ
🔹 আইপিএলৰ ফাইনেল -ত আজি আৰচিবি–পঞ্জাব কিংছ
🔹 নতুন চেম্পিয়নক আদৰিবলৈ সাজু আইপিএল
নিউজ ডেস্ক, ৩ জুন : সুদীর্ঘ ১৭ বছৰ অন্তত এইবাৰ আইপিএলৰ চেম্পিয়নৰ তালিকাত সংযোজন হ’ব এটা নতুন দলৰ নাম৷ প্রায় আঢ়ৈ মাহ ধৰি চলা আইপিএলৰ অষ্টাদশ সংস্কৰণটোৰ আজি অন্ত পৰিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী তথা বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ আজি হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছে৷ চলিত ছিজনত প্রথমবাৰৰ বাবে আইপিএলত দেখা যাব এক নতুন চেম্পিয়ন দল৷ আৰচিবি আৰু পঞ্জাব কিংছে এতিয়ালৈকে প্রতিযোগিতাখনৰ খিতাপ জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ দেওবাৰে নিশা এলিমিনেটৰ মেচখনত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি পঞ্জাব কিংছে ফাইনেলত প্রৱেশ কৰাৰ লগে লগে সকলোৰে উৎকণ্ঠা বাঢ়িছে৷ কাৰণ এতিয়ালৈকে পঞ্জাবে এবাৰো আইপিএলৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ বিপৰীতে আৰচিবিয়ে ইয়াৰ পূর্বে তিনিবাৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও খিতাপ জয়ৰ সপোন পূর্ণ হোৱা নাই৷ আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত হ’বলগীয়া বহু প্রতীক্ষিত ফাইনেল মেচখনৰ বাবে ইতিমধ্যে সাজু হৈছে দুয়োটা দল৷ মন কৰিবলগীয়া যে সুদীর্ঘ ১১ বছৰৰ পিছত পঞ্জাবে আইপিএলৰ ফাইনেলত প্রৱেশ কৰিছে৷ পৰহি নিশা বর্ষাবিঘ্ণিত এলিমিনেটৰ মেচখনত পঞ্জাবে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰে৷ মেচখনত পঞ্জাবৰ জয়ৰ মূলতে হ’ল অধিনায়ক শ্রেয়াছ আয়াৰৰ অধিকনায়কোচিত বেটিং৷ মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ২০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শ্রেয়াছৰ ৪১ বলত অপৰাজিত ৮৭, নেহাল ৱাধেৰাৰ ৪৮ আৰু জ’ছ ইংলিছৰ ৩৮ ৰানৰ সহায়ত পঞ্জাবে ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি সূর্য কুমাৰ যাদৱৰ ৪৪, তিলক বার্মাৰ ৪৪, বেয়াৰষ্ট’ৰ ৩৮ আৰু নমন ধীৰৰ ৩৭ ৰানৰ সহায়ত মুম্বায়ে ছয় উইকেটত ২০৩ ৰান কৰিছিল৷