প্রাণৰ শংকাত ইৰানত ১,৫০০ ভাৰতীয় শিক্ষার্থী
🔹 যুদ্ধবিধ্বস্ত মধ্যপ্রাচ্যত থকা ছাত্র–ছাত্রীক লৈ উদ্বিগ্ন দিল্লী
নিউজ ডেস্ক, ১৭ জুন : যুদ্ধবিধ্বস্ত ইৰানত থকা শিক্ষার্থীক লৈ উদ্বিগ্ণ ভাৰত৷ ইজৰাইল আৰু ইৰানৰ আক্রমণ–প্রত্যাক্রমণে তীব্র ৰূপ ধাৰণ কৰাৰ সময়ত ইৰানৰ ৰাজধানী তেহৰানত থকা ভাৰতীয় শিক্ষার্থীৰ জীৱনলৈ শংকা নামি আহিছে৷ এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নতুন দিল্লীয়ে ইৰান চৰকাৰক ভাৰতীয় শিক্ষার্থীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে অনুৰোধ জনাইছে৷
নতুন দিল্লীৰ অনুৰোধৰ পাছতে তেহৰানৰ পৰা ভাৰতীয় শিক্ষার্থীসকলক সুৰক্ষিত কোম চহৰলৈ স্থানান্তৰিত কৰিছে৷ ইৰানৰ আকাশ বিমানৰ বাবে বন্ধ হৈ পৰাৰ পৰিপ্রেক্ষিতত ভাৰতীয় শিক্ষার্থীসকলক স্বদেশলৈ ওভতাই অনাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷ এনে কাৰণতেই ইৰান চৰকাৰক নতুন দিল্লীয়ে ভাৰতীয় শিক্ষার্থীক সুৰক্ষিত স্থানলৈ নিবলৈ অনুৰোধ জনাইছে৷ সেই অনুৰোধক গুৰুত্ব দিয়ে তেহৰানৰ পৰা ১৪৮ কিঃমিঃ নিলগৰ কোম চহৰলৈ স্থানান্তৰ কৰা হৈছে ১৫ শতাধিক ভাৰতীয় শিক্ষার্থীক৷ ইজৰাইলী সেনাৰ আক্রমণত তেহৰানৰ অঞ্চলসমূহ বিধ্বস্ত হৈ পৰাৰ পৰিপ্রেক্ষিতত ভাৰতীয় শিক্ষার্থীসকলক সুৰক্ষিত হিচাপে বিবেচিত কোম চহৰত ৰখা হৈছে৷ ১৫ শতাধিক ভাৰতীয় শিক্ষার্থীৰ ভিতৰত অধিকাংশই জম্মু–কাশ্মীৰৰ বাসিন্দা৷
ইৰান চৰকাৰে প্রকাশ কৰা মতে, আকাশমার্গ বন্ধ কৰা হৈছে যদিও স্থলভাগেৰে সীমান্তসমূহ মুকলি ৰখা হৈছে৷ প্রয়োজনসাপেক্ষে স্থলভাগেৰে এই শিক্ষার্থীসকলক অন্য স্থানলৈ স্থানান্তৰ কৰাৰো সম্ভাৱনা আছে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় শিক্ষার্থীসকলক কোম চহৰতে বর্তমান ৰখা হৈছে৷
ইজৰাইল-ইৰানৰ মাজত আক্রমণ–প্রত্যাক্রমণ অব্যাহত
ইজৰাইল আৰু ইৰানৰ মাজত আক্রমণ–প্রত্যাক্রমণে ভয়াৱহ ৰূপ লৈছে৷ চতুর্থ দিনাও ইজৰাইল আৰু ইৰানে মিছাইলেৰে আক্রমণ অব্যাহত ৰাখিছে৷ যোৱা শুকুৰবাৰে ইৰানৰ পাৰমাণৱিক আন্তঃগাঁথনি, সামৰিক স্থান আৰু আৱাসিক এলেকাত ইজৰাইলে ভয়াৱহ আক্রমণেৰে ধ্বংসলীলা চলোৱাৰ পাছতে ইৰানেও ইহুদী ৰাষ্ট্রখনৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰিবলৈ লৈছে৷ শতাধিক মিছাইল আৰু ড্রোনেৰে ইজৰাইলৰ ওপৰত আক্রমণ চলাইছে ইৰানে৷ ইজৰাইলী সেনাৰ আক্রমণত ইৰানৰ সেনাৰ মুৰব্বীকে ধৰি পাৰমাণৱিক বিজ্ঞানী নিহত হোৱাৰ লগতে ২২৪জনৰ প্রাণহানি হৈছে৷ ৰাজধানী তেহৰানত ধ্বংসলীলা চলাইছে ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে৷
ইয়াৰ প্রত্যাক্রমণ হিচাপে ইৰানৰ সেনাই ইজৰাইলৰ ৰাজধানী তেল আভিব, জেৰুজালেমসহ কেইবাখনো চহৰত ক্ষেপণাস্ত্রৰে ধ্বংসলীলা চলাইছে৷ ইজৰাইলতো সেনাকে ধৰি নিৰীহ লোকৰ প্রাণহানি হৈছে৷ ইৰানৰ আক্রমণত ইজৰাইলস্থিত আমেৰিকান দূতাৱাসৰ ক্ষতিসাধন হোৱাত দূতাৱাস সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷
ইপিনে, ইজৰাইলী সেনাৰ আক্রমণত ইৰানৰ সশস্ত্র বাহিনীৰ চোৰাংচোৱা গোটৰ মুৰব্বী নিহত হোৱা বুলি দাবী কৰিছে দেশখনৰ সেনাই৷ ইৰানৰ স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ইজৰাইলৰ আক্রমণত অতিকমেও ২২৪জনৰ প্রাণহানি হৈছে৷ বিবিচিৰ প্রকাশ পোৱা তথ্য মতে, দেশৰ চৰকাৰখনে সাংবাদিকৰ প্রৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ পৰিপ্রেক্ষিতত যুদ্ধ সম্পর্কীয় তথ্য সংগ্রহ কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু ইজৰাইলৰ ভয়াৱহ আক্রমণত ইৰানৰ ৰাজধানী তেহৰান ধ্বংসস্তূপত পৰিণত হৈছে বুলি ইজৰাইলৰ সূত্রতেই প্রকাশ কৰিছে বিবিচিয়ে৷
আনপিনে, মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশত ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীক হত্যাৰ পৰিকল্পনা ইজৰাইলে প্রত্যাহাৰ কৰিছে৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে খামেইনীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল যদিও মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে এয়া ভাল নহ’ব বুলি নির্দেশ দিয়াত সেই পৰিকল্পনা প্রত্যাহাৰ কৰিছে৷ ইজৰাইল আৰু ইৰানৰ মাজত আক্রমণ–প্রত্যাক্রমণে বিশ্ব সমুদায়ক শংকিত কৰি তুলিছে৷ দুই দেশৰ মাজত এনেদৰে যুদ্ধ চলি থাকিলে তৃতীয় বিশ্বযুদ্ধৰ শংকাও ঘনীভূত হ’ব৷ মধ্যপ্রাচ্যৰ পৰিস্থিতি ইতিমধ্যে উদ্বেগজনক হৈ উঠিছে৷ তথ্য মতে, ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা যুঁজৰ বাবেই ইজৰাইলত দেশ–বিদেশৰ ৪০ হাজাৰ পর্যটক আবদ্ধ হৈ পৰিছে৷ এই পর্যটকসকলে শংকাত জীৱন কটাবলগীয়া হৈছে৷ কিয়নো ইৰান আৰু ইজৰাইলৰ আক্রমণ অব্যাহত থাকিলে যিকোনো মুহূর্তত যে বিপদ আহিব পাৰে, সেয়া নিশ্চিত৷