নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰ ইছ্যু -ত তৃতীয় পক্ষৰ মধ্যস্থতা নামানে ভাৰতে

🔹 কাশ্মীৰ ইছ্যু -ত তৃতীয় পক্ষৰ মধ্যস্থতা নামানে ভাৰতে

🔹 টেলিফোনিক বার্তালাপত ট্রাম্পক স্পষ্টকৈ জনালে মোদীয়ে

নিউজ ডেস্ক, ১৯ জুন : পাকিস্তানৰ লগত কাশ্মীৰ ইছ্যুত তৃতীয় পক্ষৰ মধ্যস্থতা ভাৰতে মানি নলয় বুলি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক স্পষ্টকৈ জনাই দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইৰান আৰু ইজৰাইলৰ যুদ্ধই তীব্র ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত কানাডাত আয়োজিত জি–৭ৰ কার্যসূচী আধাতে সামৰি আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কালি স্বদেশলৈ উভতি যোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ট্রাম্পৰ সৈতে মুখামুখি বৈঠক নহ’ল যদিও  টেলিফোনযোগে মোদীয়ে ট্রাম্পৰ সৈতে বার্তালাপ কৰে৷ এই বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ সৈতে কাশ্মীৰ ইছ্যুক লৈ তৃতীয় পক্ষৰ মধ্যস্থতা নতুন দিল্লীয়ে মানি নলয় বুলি ৰাষ্ট্রপতি ট্রাম্পক স্পষ্টকৈ জনাই দিয়ে৷

মন কৰিবলগীয়া যে কাশ্মীৰ ইছ্যু সমাধানৰ বাবে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্রহণ কৰিব বুলি বাৰম্বাৰ আগ্রহ প্রকাশ কৰি আহিছে৷ আনকি পাৰমাণৱিক শক্তিসম্পন্ন দুই দেশৰ মাজত অলপতে হোৱা যুদ্ধবিৰতিৰ সময়তো ৰাষ্ট্রপতি ট্রাম্পে কাশ্মীৰ ইছ্যুত মধ্যস্থতা কৰিবলৈ সাজু থকা বুলি কৈছিল৷ নতুন দিল্লীয়ে কাশ্মীৰ ইছ্যুক লৈ তৃতীয় পক্ষৰ হস্তক্ষেপ মানি নলয় বুলি কৈ আহিছে৷ এই বিষয়টোক লৈয়ে কালি প্রধানমন্ত্রী মোদীয়ে ট্রাম্পৰ সৈতে বার্তালাপত নতুন দিল্লীয়ে কাশ্মীৰ ইছ্যুক লৈ তৃতীয় পক্ষৰ মধ্যস্থতা মানি নলয় বুলি স্পষ্ট কৰি দিয়ে৷

ইপিনে, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্রত আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা নাছিল বুলিও প্রধানমন্ত্রী মোদীয়ে বার্তালাপৰ সময়ত ট্রাম্পক অৱগত কৰে৷ উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি দাবী কৰি আহিছে৷ অৱশ্যে ট্রাম্পে কেতিয়াবা কেতিয়াবা এই বিষয়টোত ইউ টার্ন লোৱাও পৰিলক্ষিত হৈছে৷ মার্কিন যুক্তৰাষ্ট্রই ভাৰত–পাকিস্তানৰ যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি চলি থকা বিষয়টোত কালি প্রধানমন্ত্রী মোদীয়ে টেলিফোনিক বার্তালাপৰ সময়ত আমেৰিকাই কোনো ভূমিকা লোৱা নাছিল বুলি ট্রাম্পক অৱগত কৰে৷ ট্রাম্প আৰু মোদীৰ এই বার্তালাপৰ বিষয়টো বৈদেশিক সচিব বিক্রম মিশ্রিয়ে বিবৃতিযোগে প্রকাশ কৰিছে৷ ৩৫ মিনিটজোৰা বার্তালাপত মোদীয়ে অপাৰেচন সিন্দূৰ সন্দর্ভতো বিতং ব্যাখ্যা আগবঢ়ায় ট্রাম্পৰ সন্মুখত৷ ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি থাকিব বুলিও স্পষ্ট কৰি দিয়ে প্রধানমন্ত্রী মোদীয়ে৷

You might also like