নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৱসায়ীক যৌনতাৰ জালত পেলাই কেইবাকোটিও টকা আদায় সুন্দৰীৰ

🔹 ১০ মাহ আত্মগোপনৰ পিছত গ্রেপ্তাৰ গুজৰাটৰ যুৱতী

নিউজ ডেস্ক, ২০ জুন : ১০ মাহ ধৰি আৰক্ষীয়ে বিচাৰি আছিল৷ অৱশেষত গ্রেপ্তাৰ হ’ল গুজৰাটৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ কীর্তি পেটেল৷ এগৰাকী ৰিয়েল ইষ্টেট ব্যৱসায়ীক যৌনতাৰ জালত পেলাই ব্যৱসায়ীগৰাকীৰ পৰা দীর্ঘদিন ধৰি কেইবাকোটিও টকা আদায় কৰাৰ অভিযোগ উঠিছিল কীর্তিৰ বিৰুদ্ধে৷ যোৱা বছৰৰ জুন মাহত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছিল আদালতে৷ কিন্তু ইয়াৰ দুমাহ পিছতে আত্মগোপন কৰে কীর্তি পেটেলে৷ পৰহি এক গোপন সূত্রে তথ্য লাভ কৰাৰ পিছত আহমেদাবাদত তালাচী চলায় গুজৰাট আৰক্ষীৰ এটা দলে৷ এই তালাচীৰ সময়ত গ্রেপ্তাৰ কৰা হয় কীর্তি পেটেলক৷ তদন্তকাৰী এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, চুৰাটৰ ব্যৱসায়ী এগৰাকীক ভয় দেখুৱাই কেইবাকোটি টকা আদায় কৰিছিল কীর্তিয়ে৷

You might also like