নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান মৰুভূমি হওক, এৰি নিদিওঁ সিন্ধুৰ পানী

🔹 পাকিস্তান -ক হুংকাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

নিউজ ডেস্ক, ২২ জুন : সিন্ধু জলচুক্তি স্থগিতকৰণৰ প্রসংগৰে চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক হুংকাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ সিন্ধু জলচুক্তি আৰু কেতিয়াও মুকলি কৰা নহয় বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পাকিস্তানক সকীয়নি দি কয়– প্রতিৱেশী ৰাষ্ট্রখনে সিন্ধু জলচুক্তিৰ চর্তাৱলী উলংঘন কৰিছে৷ সেয়েহে ভাৰতে এই চুক্তি স্থগিত কৰিছে৷ পাকিস্তান মৰুভূমি হওক, শুকাই মৰক৷ তথাপি সিন্ধু নদীৰ পানী খুলি দিয়া নহয়৷

সর্বভাৰতীয় সংবাদ মাধ্যম এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্রী শ্বাহে কয়– আন্তর্জাতিক চুক্তি একপক্ষীয়ভাৱে বাতিল কৰিব পৰা নাযায়৷ এই কাৰণে স্থগিত ৰখাৰ অধিকাৰ আছে৷ আমি তাকেই কৰিছোঁ৷ দুয়োখন দেশৰ শান্তি আৰু প্রগতিৰ কাৰণে এই চুক্তিৰ সূত্রপাত হৈছিল৷ কিন্তু পাকিস্তানে এই চর্ত উলংঘন কৰিছে৷ এইক্ষেত্রত ভাৰতৰ আন কোনো ৰাস্তা নাই৷

উল্লেখ্য যে জম্মু–কাশ্মীৰৰ পেহেলগামত ২২ এপ্রিলত পাক সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকৰ ওপৰত বর্বৰ আক্রমণেৰে হত্যালীলা চলোৱাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰে৷ এই কঠোৰ কূটনৈতিক সিদ্ধান্তৰ ভিতৰত সিন্ধু জলচুক্তি স্থগিতকৰণ আছে৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ প্রত্যাঘাত হিচাপে ৬–৭ মে’ৰ মাজত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী শিবিৰত বিমানেৰে আক্রমণ কৰি ধ্বংসলীলা চলায়৷ ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত মিছাইল আৰু ড্রোনেৰে আক্রমণ কৰে যদিও ভাৰতীয় সেনাই প্রতিহত কৰি পাকিস্তানৰ ওপৰত মিছাইলেৰে আক্রমণ চলোৱাত পাকিস্তানৰ কেইবাটাও বায়ুসেনা ঘাটি বিধ্বস্ত হয়৷ পৰিণতিত ১০ মে’ত পাকিস্তানে আগবাঢ়ি আহি ভাৰতৰ সৈতে যুদ্ধবিৰতি চুক্তি কৰে৷ যুদ্ধবিৰতি চুক্তিৰ পাছত নতুন দিল্লীয়ে সিন্ধু জলচুক্তি স্থগিতকৰণ প্রক্রিয়া প্রত্যাহাৰ কৰিব বুলি পাকিস্তানে ধাৰণা কৰিছিল যদিও ভাৰতে সেই প্রক্রিয়া অব্যাহত ৰাখে৷ ফলশ্রুতিত পাকিস্তান ভয়াৱহ সংকটত পৰে৷

মন কৰিবলগীয়া যে ৯ বছৰ আলোচনাৰ অন্তত ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলচুক্তি সম্পন্ন হৈছিল৷ এই চুক্তিৰ জৰিয়তে ভাৰতে ২০ শতাংশ পানী লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৮০ শতাংশ পানীৰ অধিকাৰ লাভ কৰিছিল৷ সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে ভাৰতত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ পৰিপ্রেক্ষিততে ভাৰতে এই চুক্তি স্থগিত কৰি ৰখাৰ পিছত চিৰবৈৰী ৰাষ্ট্রখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইছলামাবাদে কেইবাবাৰো পত্রযোগে ভাৰতক এই চুক্তি পুনৰ আৰম্ভ কৰাৰ বাবে আহ্বান জনাই আছে যদিও নতুন দিল্লীয়ে চুক্তি স্থগিতকৰণৰ দৃঢ় স্থিতিত অটল হৈ আছে৷

You might also like