শ্বেখ হাছিনাক উৎখাতৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন ঘোষণা বাংলাদেশৰ
নিউজ ডেস্ক, ২২ জুন : বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰক উৎখাতৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰে৷ ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈকে এই উদযাপনৰ কার্যসূচী চলিব৷ উল্লেখ্য যে চৰকাৰী চাকৰি সংৰক্ষণৰ বিৰোধিতাৰে ছাত্রই চলোৱা বিক্ষোভৰ ফলশ্রুতিত বিগত বর্ষৰ ৫ আগষ্টত প্রধানমন্ত্রী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰে৷ শ্বেখ হাছিনা চৰকাৰ উৎখাতৰ ৫ আগষ্টৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ অহা ৫ আগষ্টত শ্বেখ হাছিনা চৰকাৰক উৎখাতৰ বর্ষপূর্তি হ’ব৷ এই উপলক্ষে ইউনুছ নেতৃত্বাধীন চৰকাৰখনে ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈ উদযাপন কার্যসূচীৰ আয়োজন কৰিব৷