নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

INDvsENG : জয়ৰ বাবে ইংলেণ্ডক ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই

🔹 INDvsENG : জয়ৰ বাবে ইংলেণ্ডক ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই

🔹 পঞ্চম তথা নিৰ্ণায়ক দিনটোত ভাৰতক প্ৰয়োজন ১০ উইকেটৰ

🔹 ৰাহুল-পণ্টৰ শতকেৰে দ্বিতীয় ইনিংছত ভাৰতৰ সংগ্রহ ৩৬৪ ৰান

নিউজ ডেস্ক, ২৪ জুন : টীম ইণ্ডিয়াই হেডিংলে টেষ্টত ঘৰুৱা দল ইংলেণ্ডক জয়ৰ বাবে ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছে৷ প্রথম ইনিংছত মাত্র ৬ ৰানৰ অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে তৃতীয় দিনা ২ উইকেটত কৰা ৯০ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি অ’পেনাৰ লোকেশ ৰাহুল আৰু উইকেটকীপাৰ ঋষভ পণ্টৰ দর্শনীয় শতকৰ সহায়ত কালি চতুর্থ দিনা ৩৬৪ ৰান কৰি দ্বিতীয় ইনিংছ সামৰে৷ তৃতীয় দিনা ৪৭ ৰানত অপৰাজিত হৈ থকা লোকেশ ৰাহুলে কালি অনবদ্য বেটিং প্রদর্শন দাঙি ধৰি টেষ্ট কেৰিয়াৰত আন এক শতক কৰাৰ গৌৰৱ অর্জন কৰে৷ তাৰকা বেটাৰগৰাকীয়ে ১৩৭ ৰানত বিদায় লয়৷

ইফালে, আগদিনা ৬ ৰানত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলে কালি বিশেষ পাৰদর্শিতা দেখুৱাব নোৱাৰিলে৷ মাত্র ২ ৰান কৰি পেভিলিয়নমুখী হয় বেটাৰগৰাকী৷ সেই সময়ত টীম ইণ্ডিয়াৰ স্ক’ৰ আছিল ৩ উইকেটত ৯২ ৰান৷ গিলক হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ৰাহুলে পণ্টৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰায়েই নহয়, দলটোক সবল স্থিতিতো উপনীত কৰায়৷ দুয়োৱে চতুর্থ উইকেটত ১৯৫ ৰান সংগ্রহ কৰে৷ টেষ্ট কেৰিয়াৰত অষ্টমটো শতক অর্জন কৰা পণ্টে কালি ১১৮ ৰানত আউট হোৱাৰ পূর্বে এক অভিলেখো গঢ়ে৷ টেষ্টখনৰ দুয়োটা ইনিংছতে শতক অর্জন কৰি ভাৰতৰ প্রথম তথা বিশ্বৰ দ্বিতীয়গৰাকী উইকেটকীপাৰ হিচাপে নজিৰ গঢ়ে ঋষভ পণ্টে৷

পণ্ট আৰু ৰাহুল আউট হোৱাৰ পিছতে দলটোৰ বাকীসকল বেটাৰে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ কৰুণ নায়াৰে ২০, শ্বার্দূল ঠাকুৰে ৪, মহম্মদ চিৰাজ, যশপ্রীত বুমৰাহ আৰু প্রসিদ্ধ কৃষ্ণই কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে ৰবীন্দ্র জাদেজাই ২৫ ৰান কৰি অপৰাজিত হৈ থাকে ৷ ভাৰতীয় দলটোৱে মাত্র ৩১ ৰানৰ ব্যৱধানত ৫টা উইকেট হেৰুৱায়৷ ঘৰুৱা দল ইংলেণ্ডৰ হৈ ব্রাইডন কাৰছে আৰু জ’ছ টং উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰাৰ লগতে ছোৱাইব বছিৰে দুটা, ক্রিছ ৱ’কছ আৰু বেন ষ্ট’কছ উভয়ে এটাকৈ উইকেট লাভ কৰে ৷

কালি ভাৰতৰ দ্বিতীয় ইনিংছৰ সমাপ্তিৰ পিছত বেটিং কৰিবলৈ নমা ঘৰুৱা দল ইংলেণ্ডে ছয় অভাৰ খেলি কোনো উইকেট নেহেৰুৱাকৈ ২১ ৰান কৰিবলৈ সক্ষম হয়। আজি পঞ্চম তথা নিৰ্ণায়ক দিনটোত ভাৰতক প্ৰয়োজন ১০ উইকেটৰ। আনফালে, ইংলেণ্ডক ৯০ অভাৰত ৩৫০ ৰানৰ প্ৰয়োজন। উত্তেজনাৰে ভৰা প্ৰথম টেষ্টখনৰ ফলাফলক লৈ ক্ৰিকেট বিশ্বই অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে।

You might also like