হৰমুজ প্রণালী বন্ধ হ’লেও অন্য পথেৰে ভাৰতলৈ আহিব ইন্ধন
তেলৰ দাম বৃদ্ধি পালেও ভাৰতৰ বাবে উদ্বিগ্নতাৰ কাৰণ নহয়, পর্যাপ্ত তেল মজুত আছে ভাৰতত, ভাৰতে ৮৫ শতাংশতকৈ অধিক তেল আমদানি কৰে বাবে হৰমুজ প্রণালী বন্ধ হ’লে ভাৰতত তেলৰ দাম বৃদ্ধিৰ সম্ভাৱনা
নিউজ ডেস্ক, ২৪ জুনঃ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিলে ভাৰতৰ ওপৰত প্রভাৱ পৰাৰ সম্ভাৱনাক লৈ চর্চা আৰম্ভ হৈছে৷ ইৰান আৰু ইজৰাইলৰ মাজত চলা যুদ্ধৰ পৰিপ্রেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধি পালেও ভাৰতত এতিয়াও তেলৰ নাম বৃদ্ধি পোৱা নাই৷
দামবৃদ্ধি হ’লেও ভাৰতৰ বাবে উদ্বিগ্ণতাৰ কাৰণ নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে৷ হৰমুজ প্রণালী বন্ধ হওক কিম্বা আন কিবা ব্যাঘাতেই জন্মক, ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত ভাল স্থিতিত আছে বুলি কয় কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী পুৰীয়ে৷
মন্ত্রীগৰাকীয়ে কয় যে এতিয়া হৰমুজ প্রণালীৰে ভাৰতলৈ বৃহৎ পৰিমাণৰ তেল আমদানি নহয়৷ আমাৰ তেল মার্কেটিং কোম্পানীসমূহে কেইবাটাও সপ্তাহজুৰি বিভিন্ন পথেৰে তেল আমদানি কৰি আহিছে৷ এনে পৰিপ্রেক্ষিতত দেশত তেলৰ নাটনি হোৱাৰ সম্ভাৱনা নাই৷
অৱশ্যে দীর্ঘদিন ধৰি হৰমুজ প্রণালী বন্ধ হৈ থাকিলে দেশতো তেলৰ দাম বৃদ্ধি হোৱাটো নুই কৰিব নোৱাৰি৷ স্মর্তব্য যে বিশ্বৰ তথা এছিয়াৰ আন দেশসমূহৰ দৰে ভাৰতলৈও হৰমুজ প্রণালীৰে তেলকে ধৰি বিভিন্ন সামগ্রী আমদানি কৰা হয়৷ ৮৫ শতাংশ আমদানিকৃত তেলৰ ওপৰত নির্ভৰশীল ভাৰতে হৰমুজ প্রণালীৰ লগতে আন বিকল্প পথেৰেও বিগত বছৰবোৰত আমদানি কৰি আহিছে৷
সম্প্রতি হৰমুজ প্রণালীৰে ভাৰতে ৪০ শতাংশ তেল আমদানি কৰে৷ অর্থাৎ প্রতিদিনে ২ নিযুত বেৰেল খাৰুৱা তেল আমদানি কৰে ভাৰতে৷ বাকী ৪৫ শতাংশ বিভিন্ন পথেৰে ভাৰতলৈ আহে৷ এই তথ্যৰ আধাৰত জুকিয়াই চালে হৰমুজ প্রণালী বন্ধ হ’লে ভাৰতৰ ওপৰত অতি সহজতে প্রভাৱ পৰাৰ সম্ভাৱনা কম৷ ইৰাক, ছৌদি আৰব, ইউএই আৰু কুৱেইটৰ পৰা ভাৰতে হৰমুজ প্রণালী হৈ তেল আমদানি কৰি আহিছে৷
হৰমুজ প্রণালী বন্ধ হ’লে ভাৰতে ইৰাক, ইউএই আৰু ছৌদি আৰবৰ পৰা অন্য পথেৰে তেল আমদানি কৰিবলৈ হ’লে তেলৰ মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক৷ কিয়নো এই তেল সৰবৰাহৰ ক্ষেত্রত ব্যয় বৃদ্ধি পাব৷ গুৰুত্বপূর্ণ যে ২০০৬–০৭ বর্ষলৈ ভাৰতে ২৭খন দেশৰ পৰা তেল আমদানি কৰিছিল যদিও ২০২১–২২ত ইয়াৰ সংখ্যা ৩৯লৈ বৃদ্ধি কৰা হৈছে৷
ৰাছিয়াৰ পৰাই সম্প্রতি ভাৰতে ৪০ শতাংশতকৈ অধিক খাৰুৱা তেল আমদানি কৰে৷ বাকীখিনি আমেৰিকা, ব্রাজিল, পশ্চিম আফ্রিকা আৰু লেটিন আমেৰিকাৰ পৰা আহে৷ এই আমদানিকৃত তেলখিনি হৰমুজ প্রণালীৰে নাহে৷ ৰাছিয়াৰ তেল ছুৱেইজ খাল, কেপ অৱ গুড হোপ অথবা প্রশান্ত মহাসাগৰেৰে ভাৰতলৈ আহে৷
আমেৰিকা, ব্রাজিল আৰু পশ্চিম এছিয়াৰ পৰা হৰমুজ প্রণালীৰ বাইপাছেৰে আহে৷ ভাৰতলৈ অহা এলএনজিৰ ভিতৰত ৫০ শতাংশৰ অধিকাংশই কাটাৰৰ পৰা আহে৷ এই এলএনজি বিদ্যুৎ, সাৰ আৰু দেশীয় ইন্ধনত ব্যৱহাৰ কৰা হয়৷ তেনেদৰে ৰাসায়নিক সামগ্রী, ধাতু, সাৰ আৰু খাদ্য–সামগ্রী উপ–সাগৰীয় দেশসমূহৰ পৰা আমদানি কৰা হয়৷ এই সামগ্রীসমূহ হৰমুজ প্রণালীৰে আহে৷ গতিকে এই সামগ্রীসমূহৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷