নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ভাৰতত ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে ক’ৰোনা ভাইৰাছ । পূৰ্বে কোনো বিদেশ ভ্ৰমণ কৰি অহা লোকৰ শৰীৰত এই ভাইৰাছ দেখা পোৱা গৈছিল যদিও শেহতীয়াভাৱে ভাৰতত সামাজিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । দিল্লীত চাৰিটা আৰু পুনেত এটা সামাজিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ।
উল্লেখ্য যে, আক্ৰান্ত এই পাঁচজন লোকৰ কোনো এজনেই বিদেশীলৈ যোৱা নাছিল অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্যইও বিদেশ ভ্ৰমণ কৰা নাছিল । ইতিমধ্যে ভাৰতবৰ্ষত ক’ৰোনা আক্ৰান্তৰ সংখ্যা তিনি শতাধিক হোৱাৰ বিপৰীতে মৃত্যু হৈছে পাঁচজনকৈ লোকৰ । বিগত ২৪ ঘণ্টাত সংক্ৰমিত হোৱাৰ সংখ্যা যেন ভাৰতত ক’ৰোনাৰ এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে ।