The One-ত প্ৰকাশ ধাৱনৰ অষ্ট্ৰেলিয়াত প্রেম আৰু ৰোহিত শৰ্মাৰ অসন্তোষ
বিমানবন্দৰত ইমিগ্ৰেশ্যন লাইনত থকাৰ সময়তে তেওঁ এজন বিদেশী ছোৱালীৰ সৈতে চিনাকি হয়। পাছত দুয়োৰে মাজত মোবাইল নম্বৰ আৰু ইমেইল আদান-প্ৰদান হয়।
The One-ত প্ৰকাশ ধাৱনৰ অষ্ট্ৰেলিয়াত প্রেম আৰু ৰোহিত শৰ্মাৰ অসন্তোষ
টীম ইণ্ডিয়াৰ পূৰ্বৰ অপেনাৰ শিখৰ ধৱনে খেলপথাৰৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁৰ আত্মজীৱনী ‘The One: Cricket, My Life and More’-এ ক্ৰিকেট জগতত এক চৰ্চা তুলিছে। এই কিতাপখনত তেওঁ কেৱল নিজৰ ক্ৰিকেট জীৱনৰ উত্থান-পতনহে নহয়, এক গোপন ঘটনাৰো উলেখ কৰিছে, যি এতিয়ালৈকে কেৱল ড্ৰেছিং ৰুমৰ ভিতৰতে সীমাবদ্ধ আছিল।
অষ্ট্ৰেলিয়াত “প্ৰেম” আৰু ৰোহিত শৰ্মাৰ অসন্তোষ
শিখৰে উল্লেখ কৰিছে যে ২০০৬ চনত টীম ইণ্ডিয়া A অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ডাৰউনলৈ গৈছিল। বিমানবন্দৰত ইমিগ্ৰেশ্যন লাইনত থকাৰ সময়তে তেওঁ এজন বিদেশী ছোৱালীৰ সৈতে চিনাকি হয়। পাছত দুয়োৰে মাজত মোবাইল নম্বৰ আৰু ইমেইল আদান-প্ৰদান হয়। তেওঁ হোটেল পাইহে ছোৱালীজনীক ইমেইল কৰে, আৰু ছোৱালীজনীয়ে সঁহাৰি দিয়ে। বন্ধুত্ব বেছি গভীৰ হোৱাত, শিখৰে ছোৱালীজনীক হোটেল ৰূমলৈও আমন্ত্ৰণ দিয়ে, যি ৰূমত তেওঁৰ সৈতে ৰোহিত শৰ্মাও আছিল।
শিখৰে লিখিছে — “ছোৱালীজনী ৰূমত আহিলে ৰোহিত বৰ মনৰ পৰা খঙাল হ’ব। ৰোহিতে সদায় কৈছিল — ‘তই মোক শুব দিবিনে?”
ধাৱনে কয় — “তেতিয়া মোৰ মনত হৈছিল ছোৱালীজনী মোৰ বাবে একেবাৰে উপযুক্ত। মই তেওঁৰ লগত বিবাহ কৰিম বুলি ভাবিছিলোঁ।”
হোটেলৰ লবীৰ কাহিনী
এদিন হোটেলৰ লবীত শিখৰ আৰু তেওঁৰ গার্লফ্ৰেণ্ডে হাতত হাত ধৰি ফুৰি থাকোঁতে এজন জ্যেষ্ঠ কৰ্মীয়ে তেওঁলোকক দেখা পায়।
শিখৰে লিখিছে — “মই ছোৱালীজনীৰ হাত এৰি নিদিলোঁ, কিয়নো মোৰ মনত ভাব হৈছিল আমি কিবা ভুল কৰা নাই।”
কিন্তু ইয়াৰে পাছতে টীমৰ মাজত খবৰটো বিয়পি পৰে — “শিখৰৰ অষ্ট্ৰেলিয়াত এখন প্ৰেমিকাৰ সৈতে সম্পৰ্ক আছে।”
ক্ৰিকেটৰ পৰা মনোযোগ ভংগ
শিখৰে নিজৰ ভুল স্বীকাৰ কৰি কৈছে — “এই সম্পৰ্কটোৰ প্ৰভাৱ মোৰ ক্ৰিকেটত পৰিছিল। মই খেলত মনোনিবেশ কৰিব পৰা নাছিলোঁ, ফলস্বৰূপ মই বেয়া প্ৰদৰ্শন কৰিছিলোঁ।” তেওঁ কয় — “যদি তেতিয়া মই ভাল খেলিলোহেঁতেন, মই হয়তো অতি সোনকালে ছিনিয়ৰ দলত সুযোগ পাব পাৰিলোঁহেতেন।”
Niyomiya Barta Desk, Date of published : 27 June, 2025