নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢাকাৰ কিলকাটেত দুর্গা মন্দিৰ ভাঙিলে মহম্মদ ইউনুছ চৰকাৰে

🔹 বাংলাদেশত হিন্দুবিৰোধী আগ্রাসন

নিউজ ডেস্ক, ২৮ জুন : বাংলাদেশত সুৰক্ষিত নহয় সংখ্যালঘু হিন্দু সম্প্রদায়৷ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰৰ কার্যকালত দেশখনত হিন্দু সম্প্রদায়ৰ ওপৰত কট্টৰ ইছলামিক সংগঠনে অকথ্য নির্যাতন চলোৱাৰ বহু ঘটনাৰ পাছত এইবাৰ চৰকাৰখনেই নিজেই ভাঙিলে হিন্দু সম্প্রদায়ৰ দুর্গা মন্দিৰ৷

দেশখনৰ ৰাজধানী ঢাকাৰ কিলকাটে অঞ্চলত দুর্গা মন্দিৰ এটা চৰকাৰে ভাঙি পেলোৱাক লৈ হিন্দু সম্প্রদায়ৰ মাজত শংকা বিয়পিছে৷ চৰকাৰৰ এই কার্যত ক্ষুণ্ণ হৈ হিন্দু সম্প্রদায়ৰ সংগঠনে ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিছে৷ তথ্য মতে, ৰথযাত্রাৰ এদিন পূর্বেই ইউনুছ চৰকাৰে ঢাকাৰ কিলকাটে অঞ্চলৰ দুর্গা মন্দিৰটো ভাঙি পেলায়৷ চৰকাৰে দাবী কৰা মতে, হিন্দু মন্দিৰটো ৰে’লৱেৰ মাটিত অবৈধভাৱে নির্মাণ কৰা হৈছিল৷ বছৰ বছৰ ধৰি চলি অহা দুর্গা মন্দিৰটো হঠাতে কোনোধৰণৰ আনুষ্ঠানিক জাননী জাৰি নকৰাকৈ ভাঙি পেলোৱাক লৈ হিন্দু সম্প্রদায়ে দেশখনত সুৰক্ষিত আৰু নিৰাপদ নহয় বুলি অভিযোগ কৰিছে৷ এই কার্যৰ বিৰুদ্ধে প্রতিবাদ কৰিলেও দেশখনত হিন্দুৰ সুৰক্ষাক লৈ শংকা ঘনীভূত হৈছে৷

উল্লেখ্য যে বাংলাদেশ চৰকাৰে হিন্দুৰ দুর্গা মন্দিৰ ভাঙি পেলোৱাক লৈ গভীৰ উদ্বিগ্ণতা প্রকাশ কৰিছে নতুন দিল্লীয়ে৷ কেন্দ্রীয় বিদেশ মন্ত্রালয়ে সংবাদ মেলযোগে বাংলাদেশ চৰকাৰৰ এই কার্যক গৰিহণা জনাই হিন্দু সম্প্রদায়ৰ জীৱন আৰু ধর্মীয় প্রতিষ্ঠানৰ সুৰক্ষাৰ প্রতি দায়বদ্ধ হ’ব লাগে বুলি আহ্বান জনাইছে৷

স্মর্তব্য যে বিগত বর্ষত চৰকাৰী চাকৰিত সংৰক্ষণবিৰোধী ছাত্র বিক্ষোভৰ ফলত প্রধানমন্ত্রীৰ পদ ত্যাগ কৰি শ্বেখ হাছিনাই ভাৰতলৈ পলায়ন কৰিছিল৷ উক্ত সময়ছোৱাত সংখ্যালঘু হিন্দু সম্প্রদায়ৰ বাসগৃহৰ পৰা মন্দিৰলৈকে ভাঙি–ছিঙি চূৰমাৰ কৰিছিল কট্টৰ ইছলামিক গোটে৷ মহম্মদ ইউনুছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতো ধর্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত আক্রমণ অব্যাহত থাকে৷ কট্টৰ ইছলামিক গোটে হিন্দুৰ সা-সম্পত্তিৰ লগতে মন্দিৰ, মঠ ভাঙি–ছিঙি চূৰমাৰ কৰাৰ উপৰি বহু মহিলাক যৌন নির্যাতন চলাইছিল৷ বিশ্বজুৰি বাংলাদেশৰ এই ঘটনাক গৰিহণা দিয়ে৷ পাছলৈ সাময়িকভাৱে কিছু সুস্থিৰ পৰিৱেশ সৃষ্টি হ’লেও এইবাৰ হিন্দু সম্প্রদায়ৰ মন্দিৰ ভঙাত আগভাগ লৈছে চৰকাৰে৷ ইয়ে দেশখনত হিন্দু সম্প্রদায়ৰ জীৱন আৰু সম্পত্তিৰ প্রতি ভাবুকি কঢ়িয়াইছে৷

You might also like