ছয় কোবাই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল উদীয়মান ক্ৰিকেটাৰ
🔹 পঞ্জাবত ক্ৰিকেটৰ পথাৰত শোকাৱহ ঘটনা
নিউজ ডেস্ক, ২৯ জুন : জীৱনটো নভবা ধৰণে ক্ষন্তেকীয়া! সকলো ঠিকেই চলি থাকিলেও পিছমুহূৰ্ততে বহু মানুহে মৃত্যুৰ কোলাত ঢলি পৰিছে। ক্ৰিকেটৰ খেলপথাৰতো দেখা গ’ল ঠিক একেই ঘটনা। বিশাল ছয় কোবাই খেলপথাৰতে হঠাৎ মৃত্যু হয় এজন ক্ৰিকেটাৰৰ। সেই হৃদয়বিদাৰক ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হাৰ্ট এটেকৰ ফলতে ক্ৰিকেটাৰগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা বুলি প্ৰকাশ।
পঞ্জাবত সংঘটিত হৈছে এই কৰুণ ঘটনা। ফিৰোজপুৰৰ ডি এ ভি স্কুল খেলপথাৰত চলি আছিল ক্ৰিকেট খেল। সেই খেলখনতে খেলি আছিল হৰজিৎ সিঙে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে তেওঁ মেচখনত এটা বিশাল ছয় মাৰিছে। তাৰ পাছতে খেলপথাৰৰ মাজলৈ খোজ কাঢ়ি যায় সিং। তেওঁৰ সতীৰ্থজনো তেওঁৰ ফালে আহে। সেই সময়তে হঠাৎ হৰজিত মাটিত বহি পৰে। প্ৰথমতে এনে লাগিছিল যেন তেওঁ জিৰণি ল’বলৈহে বহিছিল। তেওঁৰ সতীৰ্থজনেও একেদৰেই তেওঁৰ কাষত বহি পৰে। কিছুসময় তেনেকৈয়ে থকাৰ পিছত হৰজিতে মুখ তল কৰি মাটিত ঢলি পৰে।
প্ৰথমতে কোনেও বুজিব পৰা নাছিল আচলতে কি হৈছে এয়া। পিছত বিপদৰ কথা উপলব্ধি কৰি সকলোৱে সেই স্থানলৈ লৰালৰিকৈ আহে। কিন্তু তেতিয়ালৈকে হাৰ্ট এটেকৰ বাবে খেলপথাৰতে মৃত্যু হয় হৰজিতৰ। ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহতো পুনেত হাৰ্ট এটেকত আক্ৰান্ত হৈ ইমৰান পেটেল নামৰ এজন ক্ৰিকেটাৰৰ মৃত্যু হৈছিল।