নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মাৰ্চ পৰ্যন্ত বন্ধ দেশৰ ৰে’ল সেৱা

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ক্ৰমাত ভাৰতত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । তিনি শতাধিক লোক আক্ৰান্ত হোৱাৰ পাচতেই ৰে’লৱে কৰ্তৃপক্ষই ল’লে এক সিদ্ধান্ত । সমগ্ৰ দেশজুৰি ৩১ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব ৰে’লসেৱা । দূৰণিবটীয়া যাত্ৰীবাহী ৰে’ল, পেছেঞ্জাৰৰ লগতে সকলো ধৰণৰ ৰে’ল চলাচল বন্ধ থাকিব ভাৰতত । দেওবাৰে মাজনিশাৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব ৰে’লসেৱা । অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ বাবেহে থাকিব মালগাড়ী ।

দেওবাৰে প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে সমগ্ৰ দেশে জনত কাৰ্ফিউ পালন কৰি থকাৰ সময়তে পিআইবিৰ তৰফৰ দেওবাৰে জাৰি কৰা এক জাননীত ৰে’লসেৱা বন্ধ ৰখাৰ কথা উল্লেখ কৰা হৈছে ।

৩১ মাৰ্চ পৰ্যন্ত বন্ধ দেশৰ ৰে’ল সেৱা

ভাৰতত বৰ্তমানলৈকে তিনি শতাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মহামাৰী ক’ৰোনাত মৃত্যুক আঁকোৱালি লৈছে ৫ জনকৈ লোকে । তেনে পৰিস্থিতিত সমগ্ৰ দেশক এই মহামাৰীৰ পৰা উদ্ধাৰৰ হেতু চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ইতিমধ্যে ভাৰতৰ কেইবাখনো ৰাজ্যৰ মূল চহৰসমূহ লকডাউন কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ সমাগম ।

শনিবাৰে ভাৰতত ক’ৰোনাৰ সামাজিক সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পিচতে এতিয়া আতংকিত হৈ পৰিছে সকলো লোক । সাধাৰণ জনতাক সাৱধানতা অৱলম্বন কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে জনাইছে আহ্বান ।

You might also like