নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউনিছেক্স চেলুন পাৰ্লাৰ-স্পাত আৰক্ষীৰ অভিযান, আপত্তিজনক বস্তু উদ্ধাৰ

ইউনিচেক্স পাৰ্লাৰৰ নামত অনৈতিক কাৰ্যকলাপ চলাই অহা কোকৰাঝাৰ সদৰ চহৰৰ তিনিখনকৈ পাৰ্লাৰ/স্পা / চেলুনত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই পাৰ্লাৰৰ গৰাকী, মেনেজাৰ সহ ১৫জনকৈ যুৱক-যুৱতীক আটক কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে আৰএনবি ৰোডৰ ৰিলেক্স ইউনিচেক্স চেলুন,  ৰয়েল স্পা চেলুন আৰু হাব্ৰুবাৰীৰ প্ৰীন্স নামৰ আন এখন পাৰ্লাৰত অভিযান চলায়। আৰক্ষীৰ অভিযানকালত ৰিলেক্স ইউনিচেক্স চেলুনৰ গৰাকী চিৰঞ্জীৱ ব্ৰহ্ম ( ওদালগুৰী ) সহ পাঁচজনী যুৱতীক আটক কৰে আৰক্ষীয়ে।

উক্ত পাৰ্লাৰত এহাল যুৱক যুৱতীক অসংযত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে৷ আনহাতে ৰয়েল স্পা চেলুনৰ গৰাকী মনিৰুল আলী (বৰপেটা) আৰু মেনেজাৰ ছাহিদা পাৰ্বিন সহ ৭জনী যুৱতী আৰু তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰয়েল স্পা চেলুনৰ আন এজন গৰাকী হান্নান আলী ( বাসুগাঁও) পলাতক হৈ আছে ৷ আৰক্ষীয়ে দুয়োখন পাৰ্লাৰে ছীল কৰি দিছে ৷

আনহাতে হাব্ৰুবাৰীৰ প্ৰীন্স চেলুনৰ পৰা আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ পাই চেলুনখনৰ সকলোৱে পলাই সাৰে ।

উল্লেখ্য যে উক্ত ইউনিচেক্স চেলুন কেইখনত অনৈতিক কাৰ্যকলাপ সম্পাদন হয় বুলি আৰক্ষীয়ে বিশেষ সূত্ৰে গম পাইছিল। ইয়াৰ পৰিণতিতে আৰক্ষীয়ে প্ৰথমে গ্ৰাহক হৈ স্পাত প্ৰৱেশ কৰিছিল আৰু তথ্য নিশ্চিত হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান চলায়।

আৰক্ষীৰ অভিযানকালত চেলুন দুখনত হাহাকাৰ লাগে। ইয়াৰে ৰিলেক্স ইউনিচেক্স চেলুনত আৰক্ষীৰ অভিযানৰ নেৰ্তৃত্ব দিয়ে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই। আনহাতে ৰয়েল স্পা চেলুনত অভিযানৰ নেৰ্তৃত্ব দিয়ে উপ আৰক্ষী অধীক্ষক বিনন্দ বসুমতাৰীয়ে। উল্লেখ্য যে স্পা সমুহত অনৈতিক কাৰ্যকলাপ চলে বুলি দীৰ্ঘদিনৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছিল আৰু আৰক্ষীয়ে হঠাতে কোকৰাঝাৰৰ উক্ত তিনিখন স্পাত অভিযান চলাই গৰাকী সহ ১৫ গৰাকীকৈ যুৱক-যুৱতীক আৰক্ষীয়ে আটক কৰে।

উক্ত ঘটনাই সমাজৰ নৈতিক অধ:পতনৰ দিশটোকে উদঙাই দিছে। কোকৰাঝাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক বিনন্দ বসুমতাৰীয়ে কয় যে আৰক্ষীয়ে অনৈতিক কাৰ্যকলাপৰ খবৰ লাভ কৰাৰ পিছতে চেলুনসমুহত অভিযান চলোৱা হৈছিল আৰু অভিযান কালত আপত্তিজনক বস্তু উদ্ধাৰ কৰা হৈছে। অনৈতিক কাৰ্যকলাপৰ খবৰ পালেই অভিযান চলোৱা হ’ব বুলি সদৰি কৰিছে উপ-আৰক্ষী অধীক্ষক বিনন্দ বসুমতাৰীয়ে। উল্লেখ্য যে আৰক্ষীৰ অভিযানকালত চেলুনৰ বাহিৰত বহুসংখ্যক উৎসুক জনতাই ভিৰ কৰে।

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ : Date of Published, 5 July

You might also like