🔹 অভয় হাজৰিকা-মকিবৰ ৰহমান উদযাপন সমিতিৰ সভাপতি-মুখ্য সম্পাদক
🔹 মূল সমিতি, ১২খন উপ-সমিতি গঠন
বিশেষ বাৰ্তা, ১৫ জুলাই : অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম গৰিমামণ্ডিত নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে শতবর্ষ অতিক্রম কৰিছে৷ বিদ্যালয়খনৰ প্রতিষ্ঠাৰ বাবে শ্রম আৰু সেৱা আগবঢ়োৱা বৰেণ্য ব্যক্তি, শিক্ষাদানৰ দৰে মহান কর্মৰে মহিমামণ্ডিত প্রয়াত শিক্ষাগুৰুসকলক স্মৰণ কৰাৰ উপৰি শিক্ষানুষ্ঠানখনৰ প্রাক্তন ছাত্র–ছাত্রীসকলৰ সহূদয় মিলন, শুভাকাংক্ষী–অভিভাৱকৰ সদ্ভাবপূর্ণ উপস্থিতিত বৌদ্ধিক, গাম্ভীর্যপূর্ণ আৰু নান্দনিক পৰিৱেশত ২০২৫ বর্ষৰ নৱেম্বৰ মাহত শুভাৰম্ভ কৰি ২০২৬ খ্রীষ্টাব্দৰ নৱেম্বৰ মাহত সামৰণী অনুষ্ঠানেৰে শতবর্ষ মহোৎসৱ উদযাপন কৰিবলৈ ব্যাপক প্রস্তুতি চলোৱা হৈছে৷
গৌৰৱোজ্জ্বল শতবর্ষ মহোৎসৱ উদযাপন উপলক্ষে অলপতে বিদ্যালয়খনত ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডাঃ বিপিন চন্দ্র কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ডাঃ কামেশ্বৰ লহকৰ, ডাঃ কৈলাস ডেকা, ৰজত চন্দ্র কলিতা, ড০ পূর্ণ ভট্টাচার্য, ড০ কৰুণা বৰুৱা, সমীন্দ্র নাথ মহন্ত, বাবুল চন্দ্র ডেকা, প্রমোদ কাকতি, কাশীৰাম তালুকদাৰ, ফণীন্দ্র নাথ চক্রৱর্তী, কৃষ্ণ তালুকদাৰ, বিধুভূষণ চক্রৱর্তী, কানুৰাম তালুকদাৰ, জ্যোতিষ চন্দ্র ভূঞা, দিবাকৰ কলিতা, হৰমোহন কলিতা, জ্যোতিমোহন কলিতা, মহেন্দ্র নাথ শর্মা, কৰুণা কলিতা, চন্দন কলিতা আদি বিশিষ্ট ব্যক্তিসকলে শতবর্ষ উদযাপনৰ ক্ষেত্রত বিভিন্ন দিহা–পৰামর্শ আগবঢ়ায়৷
সভাৰ আৰম্ভণিতে বিদ্যালয়খনৰ প্রতিষ্ঠাকালত আগভাগ লোৱা বৰেণ্য ব্যক্তিসকলৰ স্মৃতিত ১ মিনিট মৌন প্রার্থনা কৰে৷ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মকিবৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অঞ্চলটোৰ বহুকেইগৰাকী প্রাক্তন ছাত্রই শতবর্ষ উদযাপন সম্পর্কে গুৰুত্বপূর্ণ বক্তব্য প্রদান কৰে৷ ৰাজহুৱা সভাখনত অভয় হাজৰিকাক সভাপতি, ৰজত চন্দ্র কলিতাক কার্যকৰী সভাপতি, ডাঃ কামেশ্বৰ লহকৰ, জ্যোতিষ চন্দ্র ভূঞা, ডাঃ কৈলাস ডেকা, অপূর্ব লহকৰ, অমল চন্দ্র ডেকা, দুলুদত্ত লহকৰক উপ–সভাপতি, মকিবৰ ৰহমানক মুখ্য সম্পাদক, মহেন্দ্র নাথ শর্মা আৰু লক্ষী কলিতাক সম্পাদক, প্রদীপ কাকতি, তপন লহকৰ, বিনয় কুমাৰ ডেকাক যুটীয়া সম্পাদক আৰু ডাঃ বিপিন চন্দ্র কলিতাক সমন্বয়ক হিচাপে লৈ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবর্ষ মহোৎসৱ উদযাপনৰ মূল সমিতিখন গঠন কৰাৰ লগতে ১২খন উপ–সমিতি গঠন কৰা হয়৷ সভাত তিনি শতাধিক প্রাক্তন শিক্ষার্থী, শুভাকাংক্ষীৰ লগতে বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রী তথা কর্মচাৰীসকল উপস্থিত থাকে৷