লণ্ডনৰ ছেইণ্ট জেমছ পেলেচত ৰজাক সাক্ষাতেৰে মুগ্ধ ভাৰতীয় দল
🔹 আকাশদীপৰ অসুস্থ ভগ্নীৰ খবৰ ল’লে ৰজা তৃতীয় চার্লছে
নিউজ ডেস্ক, ১৭ জুলাই : মঙলবাৰে লণ্ডনৰ ছেইণ্ট জেমছ পেলেচলৈ গৈছিল ভাৰতৰ পুৰুষ আৰু মহিলা ক্রিকেট দল৷ ৰজা তৃতীয় চার্লছে তাত ভাৰতীয় ক্রিকেটাৰসকলক সাক্ষাৎ কৰে৷ ক্রিকেটৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকৰ বার্তালাপ হয়৷ সতীর্থসকলৰ সৈতে পেলেচলৈ গৈছিল আকাশদীপো৷ তেওঁক দেখি ৰজা তৃতীয় চার্লছ আগুৱাই আহে৷ দ্রুতবেগী বলাৰগৰাকীৰ কর্কট ৰোগত আক্রান্ত জ্যেষ্ঠ ভগ্ণীৰ খবৰ লয় তেওঁ৷
উল্লেখ্য যে ভাৰতীয় দল আৰু ক্রিকেটাৰসকলৰ বিষয়ে পূর্বেই ভালদৰে খবৰ লৈছিল ব্রিটেইনৰ ৰজাই৷ ইয়াৰ ফলত শুভমন গিলহঁতৰ সৈতে কথা পতাত তেওঁৰ সহজ হৈছিল৷ ভাৰতীয় ক্রিকেটাৰসকলৰ ২২ গজৰ বাহিৰৰ জীৱন সম্পর্কেও পৰিচিত আছিল চার্লছ৷ শুভমনহঁতৰ লগতে ব্রিটেইনৰ ৰজাৰ আমন্ত্রণত পেলেচলৈ গৈছিল মহিলা দলটোও৷ সকলোৰে সৈতে সুকীয়া সুকীয়াকৈ কথা পাতিছিল ৰজাই৷ আকাশদীপৰ পৰা ভগ্ণীৰ অসুস্থতা সম্পর্কত তেওঁ জানিব বিচাৰিছিল৷ চার্লছৰ এনে মানৱিক ব্যৱহাৰত মুগ্ধ ভাৰতীয় দল৷
অধিনায়ক শুভমন গিলে কয়– ৰজা তৃতীয় চার্লছক সাক্ষাৎ কৰাৰ অভিজ্ঞতা সঁচাকৈয়ে দুর্দান্ত৷ অতিশয় সহূদয়তাৰে তেওঁ আমাক নিমন্ত্রণ জনাইছিল৷ আমাৰ সৈতে চার্লছে যথেষ্ট সময় বার্তালাপ কৰিছিল৷ তেওঁ কৈছে যে লর্ডছত আমাৰ অন্তিমগৰাকী বেটাৰ যিদৰে আউট হৈছে সেয়া সঁচাকৈয়ে দুর্ভাগ্যজনক৷ আমি কৈছোঁ, মেচৰ ফলাফল যিকোনো দলৰ পক্ষেই যাব পাৰে৷ কিন্তু ফলাফল আমাৰ বাবে আছিল দুর্ভাগ্যজনক৷ আশা কৰোঁ বাকী দুখন টেষ্টত আমি ভাল খেলিবলৈ সক্ষম হ’ম৷ ক্রিকেটাৰসকলৰ সৈতে আছিল ভাৰতীয় ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু সহ: সভাপতি ৰাজীৱ শুক্লা৷ ভাৰতৰ প্রাক্তন কেন্দ্রীয় মন্ত্রী অৰুণ জেটলীৰ সৈতে থকা বন্ধুত্বৰ কথাও ক্রিকেটাৰসকলক জনাইছিল চার্লছে৷