নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাওবাদীয়ে গুলীয়াই হত্যা কৰিলে ১৭ নিৰাপত্তাৰক্ষীক

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে চত্তিশগড়ত মাওবাদীৰে সংঘটিত ভয়ংকৰ সংঘর্ষত শ্বহীদ হৈছে ১৭জনকৈ জোৱান ৷ তদুপৰি আন ১৪জন জোৱান এই ঘটনাত আহত হয় ৷ চত্তিশগড় আৰক্ষী সূত্রৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে ডিষ্ট্রিক ৰিজার্ভ গার্ড (ডি আৰ জি), স্পেচিয়েল টাস্ক ফ’চ (এছ টি এফ) আৰু কমাণ্ডো বেটেলিয়ন ফ’ৰ ৰিজ’লিউট একচন (কোব্রা)ৰ প্রায় ১৫০জনীয়া এটা দলে সুকমাৰ মিনপা জংঘলত শনিবাৰে মাওবাদীয়ে অভিযান চলাইছিল ৷ এই অভিযানৰ সময়তে ঘন জংঘলৰ মাজত আত্মগোপন কৰি থকা মাওবাদীৰ দলে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰে ৷ নিৰাপত্তা বাহিনীৰ গুলীৰে প্রত্যুত্তৰ দিয়াত উভয় পক্ষৰ মাজত তুমুল সংঘর্ষ লাগে ৷

সুকমাৰ চিন্তা গুফা অঞ্চলৰ ক’ৰাজগুদা পাহাৰত দিনৰ প্রায় ১ বজাত সূত্রপাত ঘটা এই সংঘর্ষ অব্যাহত আছিল বিয়লিপর্যন্ত৷ সংঘর্ষৰ মাজতে ১৪জনকৈ আহত জোৱানক উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা প্রায় ৪০০ কিলোমিটাৰ দূৰৈৰ ৰায়পুৰলৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হয় ৷ কিন্তু তেতিয়া অভিযানকাৰী দলৰ কেইবাজনো জোৱান নিৰুদ্দেশ হৈ আছিল ৷ নিৰুদ্দিষ্ট জোৱানসকলৰ সন্ধানত আজি উক্ত অঞ্চলটোত পুনৰ অভিযান চলোৱা হয়৷ এই অভিযানতে উদ্ধাৰ হৈছে ১৭জনকৈ জোৱানৰ মৃতদেহ ৷ এই কথা নিশ্চিত কৰিছে চত্তিশগড়ৰ আৰক্ষী সঞ্চালকপ্রধান ডি এম অৱস্তিয়ে৷ তেওঁ লগতে জানিবলৈ দিয়া মতে, সংঘর্ষৰ সময়ত অভিযানকাৰী দলে ১০টা এ কে–৪৭সহ মুঠ ১৫টা অটোমেটিক ৰাইফল হেৰুৱাবলগীয়া হয় ৷

চত্তিশগড়ৰ আৰক্ষী সঞ্চালকপ্রধান অৱস্তিয়ে দাবী কৰা মতে, সংঘর্ষৰ সময়ত কমেও এক ডজন মাওবাদী আহত হৈছে৷ কিন্তু এজনো মাওবাদীৰ মৃতদেহ বর্তমানলৈকে উদ্ধাৰ হোৱা নাই৷ আৰক্ষী সঞ্চালকপ্রধানজনে কয় যে মনদবি হিদমা নেতৃত্বাধীন মাওবাদীৰ ১নং বেটেলিয়নৰ প্রায় ৩০০ সদস্যই মিনপা জংঘলত বাহৰ পাতি আছিল৷ তদুপৰি আন ৰাজ্যৰ একাংশ মাওবাদী কেডাৰো একে স্থানতে আত্মগোপন কৰি থকাৰ তথ্য আমি লাভ কৰিছিলোঁ৷ সেই তথ্যৰ ভিত্তিতেই কালিৰ অভিযানটো চলোৱা হৈছিল৷ উল্লেখ্য যে ২০১৭ চনৰ ২৪ এপ্রিলত সুকমাৰ বুৰকাপলৰ নিকটৱর্তী এক অঞ্চলত মাওবাদীৰ এম্বুশ্বত নিহত হৈছিল ২৫জনকৈ চি আৰ পি এফৰ জোৱান৷ তাৰ পাছতেই কালি মাওবাদীৰ হাতত ১৭জনকৈ জোৱান শ্বহীদ হ’বলগীয়া হয়৷

You might also like