পিঅ’কেত মুকলিমূৰীয়াকৈ বিচৰণ দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰৰ
🔹 ভাৰতত কূটাঘাতৰ পৰিকল্পনা !
🔹 পাকিস্তান চৰকাৰৰ মিথ্যাচাৰ পুনৰ প্রমাণিত
নিউজ ডেস্ক, ১৯ জুলাই : ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী জইচ–ঈ–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ পাক অধিকৃত কাশ্মীৰ, চমুকৈ পিঅ’কেৰ গিলগিট–বাল্টিস্তানত মুকলিমূৰীয়াকৈ ঘূৰি আছে৷ দেশখনত দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰ নাই বুলি পাকিস্তানে কৰা ঘোষণা পুনৰ মিথ্যাচাৰ বুলি প্রমাণিত হৈছে৷
ভাৰতীয় চোৰাংচোৱা সংস্থাই দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰৰ গতিবিধি নিৰীক্ষণ কৰি থকাৰ সময়তে সন্ত্রাসবাদী আজহাৰক পিঅ’কেত মুকলিমূৰীয়াকৈ ঘূৰি থকাৰ প্রমাণ পাইছে৷ জইচ–ঈ–মহম্মদৰ শক্তিশালী ভেটি বাহাৱালপুৰৰ পৰা হাজাৰ কিলোমিটাৰ দূৰৈত পিঅ’কেৰ গিলগিট-বাল্টিস্তানৰ স্কাৰডু অঞ্চলত শেহতীয়াভাৱে মাছুদ আজহাৰক দেখিবলৈ পোৱা গৈছে৷ ছাদপাৰা ৰোড অঞ্চলত মাছুদ আজহাৰে যি ঠাইত মুকলিমূৰীয়াকৈ জীৱন যাপন কৰি আছে, সেই অঞ্চলটোত দুটা মছজিদ আৰু কেইবাখনো মাদ্রাছা, ব্যক্তিগত আৰু চৰকাৰী অতিথি গৃহ আছে৷
উল্লেখ্য যে কিছুদিন পূর্বে পাকিস্তানৰ প্রাক্তন বৈদেশিক মন্ত্রী বিলাৱল ভুট্টোৱে মাছুদ আজহাৰ পাকিস্তানত নাই বুলি দম্ভালি মাৰি কৈছিল৷ প্রাক্তন মন্ত্রীগৰাকীয়ে সন্ত্রাসবাদী আজহাৰ আফগানিস্তানত থকা বুলি কৈছিল৷ আনকি প্রাক্তন মন্ত্রীগৰাকীয়ে ভাৰতক সন্ত্রাসবাদী আজহাৰ ক’ত আছে জনালে গ্রেপ্তাৰ কৰিম বুলিও কৈছিল৷ ইয়াৰ পিছতে পিঅ’কেত সন্ত্রাসবাদী আজহাৰৰ মুকলি জীৱন যাপন পোহৰলৈ আহিছে৷ ভাৰতত কূটাঘাতৰ পৰিকল্পনাৰে পিঅ’কেত সন্ত্রাসবাদী আজহাৰে অৱস্থান কৰা বুলি বহুতে ধাৰণা কৰিছে।